Year For Citizenship In Assam Will Be 1951 or 1971:অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হ’ব !

আছু ,এ পি ডব্লিঅ সহ কে'বাটাও সংগঠনৰ আবেদনৰ ওপৰত শুনানি সৰ্বোচ্চ ন্যায়ালয়ত

sc

Year For Citizenship In Assam Will Be 1951 or 1971:

বহুচৰ্চিত নাগৰিকত্বৰ ভিত্তিবৰ্ষ অসমত ১৯৫১ নে ১৯৭১ চন হ’ব। এই সন্দৰ্ভত আছু,এপি ডব্লিঅ সহ কে’বাটাও সংগঠনৰ আবেদনৰ ওপৰত মঙলবাৰে শুনানি হয় সৰ্বোচ্চ ন্যায়ালয়ত

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰ অধ্যক্ষতাত গঠিত কে’বাজনীয়া সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰে আবেদনৰ শুনানি।

উল্লেখ্য যে,নাগৰিকত্ব আইন ১৯৫৫ৰ ৬ (ক) ৰ বৈধতাক প্রত্যাহ্বান জনাই ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ওপৰত হোৱা শুনানিত নিশ্চিত হ’ব ভাৰতীয় নাগৰিকত্বৰ ভিত্তিবর্ষ অসমত ১৯৫১ চন হ’বনে ১৯৭১ চন হ’ব।

মনকৰিবলগীয়া যে নাগৰিকত্ব আইন অনুসৰি ভাৰতীয় নাগৰিক হিচাপে চিহ্নিত হ’বলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভিত্তিবর্ষ হিচাপে ১৯৫১ চনটো গণ্য কৰা হয় যদিও অসমত কিন্ত এই ভিত্তিবর্ষ গ্ৰহণ কৰা নহয় ৷

কিয়নো আছু আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা ছবছৰীয়া অসম চুক্তি মৰ্মে ভিত্তিবৰ্ষ ১৯৭১ কৰা হয় ৷ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি প্ৰস্তুতৰ সময়তো ১৯৭১ ভিত্তিবর্ষক লৈ সৃষ্টি হৈছিল কেতবোৰ অসুবিধা ৷

মঙলবাৰৰ পৰা ভিত্তিবর্ষক লৈ উচ্চতম ন্যায়ালয়ত আৰম্ভ হয় শুনানি ৷ এই শুনানিয়ে নিৰুপন কৰিব অসমৰ ভৱিষ্যত ৷ এই শুনানি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

Exit mobile version