Women Missing In Kachugaon:কচুগাওঁত এগৰাকী মহিলা নিৰুদ্দেশ

missing

Women Missing In Kachugaon:কচুগাওঁত এগৰাকী মহিলা নিৰুদ্দেশ

গোসাঁইগাঁও মহকুমা তথা কচুগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ধৰধৰা গাৱৰ এগৰাকী মহিলা নিৰুদ্দেশ হয়। মহিলা গৰাকী সঞ্জীত হেম্ব্ৰমৰ পত্নী এলিনা মাৰ্ডী (২৩)।

প্ৰাপ্ত বাতৰি মতে মহিলা গৰাকীয়ে ২৮ নবেম্বৰত কাপোৰ এযোৰ চিলাবলৈ কচুগাওঁ বজাৰলৈ ১:৩০ মান বজাত ঘৰৰ পৰা ওলাই যায় যদিও আজিলৈকে ঘৰলৈ উভতি নহাত ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়-স্বজন,বন্ধু-বান্ধৱ,ওচৰ- চুবুৰীয়াৰ ওচৰত খা-খৱৰ কৰে যদিও মহিলা গৰাকীৰ কোনো সম্ভেদ নোপোৱাত কচুগাওঁ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কোনো সদাসয় ব্যক্তিয়ে মহিলা গলাকীৰ সম্ভেদ পালে ৮০৯৯১১৯৬৬৭/ ৬০০০০৩৯৩৮১/ ৯৮৬৪৬০৮৩৭২ মবাইল নম্বৰত যোগাযোগ কৰাৰ লগতে ওচৰতে থকা আৰক্ষী থানাত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়।

Exit mobile version