Mohua Moitra Expelled From Lok Sabha:চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা ধন লোৱাৰ অভিযোগত

তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰৰ লোকসভাৰ সাংসদ পদ খাৰিজ

mahua moitra

Mohua Moitra Expelled From Lok Sabha:

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা দুই কোটি টকা লোৱাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰে লোকসভাই ৷

উল্লেখ্য যে,চৰকাৰক ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ বাবে বনিক গোষ্ঠীৰ পৰা সাংসদ পদ মহুৱা মৈত্ৰই ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ যাৰবাবে সংসদৰ এথিক্স কমিটিয়ে জেৰা কৰে মৈত্ৰক ৷ আনকি এথিক্স কমিটিকো চেলেন্স দিছিল বহুবল্কী সাংসদ গৰাকীয়ে ৷

ইতিমধ্যে এথিক্স কমিটিয়ে ‘CASH FOR QUERY’ গোচৰৰ প্ৰতিবেদন আজি সদনত দাখিল কৰাৰ পাছতে মৌখিক ভোটদান হয় ৷ ইয়াৰ পূৰ্বে চাৰি ডিচেম্বৰত এথিক্স কমিটিয়ে ‘CASH FOR QUERY ৰিপৰ্ট দাখিল কৰাৰ কথা আছিল ৷ কিন্ত সকলো উৎকণ্ঠাৰ অন্ত পেলাই  সদনত আজি এথিক্স কমিটিয়ে দাখিল কৰে প্ৰতিবেদন ৷

এই সন্দৰ্ভত লোকসভাত হোৱা মৌখিক ভোটদানত মৈত্ৰৰ বিৰুদ্ধে অধিকাংশ সাংসদে অৱস্থান কৰাত লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাই মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, লোকসভাৰ এথিক্স কমিটিয়ে সদনত প্রতিবেদন দাখিলৰ সময়ত টিএম চি সহ বিৰোধী কিছু সংখ্যক সাংসদে সদন উত্তাল কৰাৰ প্ৰয়াস কৰিছিল ৷

আনহাতে লোকসভাৰ পৰা বহিস্কৃত হোৱাৰ পাছত সদনৰ বাহিৰত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে মহুৱা মৈত্ৰ ৷ এইয়া চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত এথিক্স কমিটিয়ে লোৱা এক হথকাৰী সিদ্ধান্ত ৷

Exit mobile version