ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

শপত অন্য এঘাৰ জন মন্ত্ৰীৰ,সাতজন কেবিনেট আৰু চাৰিজন ৰাজ্যিক মন্ত্ৰী

mizuram new cm 2

ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:

শুক্ৰবাৰে পাহাৰীয়া ৰাজ্য মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জোৰাম পিপলছ মুভমেণ্টৰ(ZPM) নেতা লালডুহোমাই ৷ মুখ্যমন্ত্ৰীৰ স’তে শপত অন্য এঘাৰ জন মন্ত্ৰীয়ে ৷ ইয়াৰে সাতজন কেবিনেট আৰু চাৰিজন ৰাজ্যিক মন্ত্ৰী ৰূপে ৷ মুখ্যমন্ত্ৰী সহ আটাই কেইগৰাকীকে শপত বাক্য পাঠ কৰায় ৰাজ্যপাল হৰিবাবু কমভমপাটিয়ে ৷

আইজলস্থ ৰাজ্যপাল ভৱনৰ দৰবাৰ হলত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগা,বৰ্ষীয়ান প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাউলা,বিৰোধী দলপতি তথা এমএনএফৰ নেতা লালচন্দামা ৰালটেক সহ শাসক – বিৰোধীৰ সকলো বিধায়ক ৷

উল্লেখ্য যে,ৰাজ্য খনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টৰ শোচনীয়ভাৱে পৰাভূত কৰি ৰাজ্যৰ শাসনৰ দায়িত্ব লাভ কৰে জোৰাম পিপলছ মুভমেণ্ট(ZPM)৷ বৃহস্পতিবাৰে নতুন চৰকাৰ গঠনৰ বাবে জোৰাম পিপলছ মুভমেণ্টৰ সভাপতি তথা একালৰ দক্ষ আই পি এছ বিষয়া ৰূপে খ্যাত অৰ্জন কৰা লালডুহোমাই ৰাজ্যপাল হৰিবাবু কমভমপাটিক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ কৰিছিল ৷

স্মতৰ্ৱ্য যে,সদ্য সমাপ্ত নিৰ্বাচনত মিজোৰাম বিধানসভা ৪০ খন আসনৰ ভিতৰত জোৰাম পিপলছ মুভমেণ্টে লাভ কৰিছিল ২৭,মিজো নেচনেল ফ্ৰণ্টে ১০,বিজেপি ২ আৰু কংগ্ৰেছে লাভ কৰিছিল ১ ৷

আনহাতে মিজোৰামৰ ৰাজ্যপালে বিধানসভাৰ নৱ নিৰ্বাচিত সদস্য সকলক শপত গ্ৰহণৰ বাবে পৰ্টেন অধ্যক্ষ ৰূপে নিযুক্তি দিয়ে লালফামকিমাক ৷

Exit mobile version