Mangaldoi Thief:সোণ চুৰিৰে জড়িত গভাইত চোৰক আটক মঙলদৈত

gold seized

Mangaldoi Thief:

উভৈনদী হৈ পৰিল মঙলদৈ থানা ৷ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ চুৰি সোণৰ আ- অলংকাৰ

উল্লেখ্য যে,মঙলদৈ চহৰৰ পাশ্বৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাস নামৰ লোকজনৰ বাসগৃহত কিছুদিন পূৰ্বে চোৰে লুটি নিছিল সোণৰ আ- অলংকাৰ ৷ পৰৱৰ্তী সময়ত দাসৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই গভাইত চোৰসহ দুজন গহনা ব্যৱসায়ীক

ধৃত চোৰ দুটা হ’ল কানাই চৌহান আৰু জয়নাল আলী ৷ দুই চোৰে প্ৰায় ১৪ তোলা সোণ চুৰি কৰি বিক্ৰী কৰিছিল খাৰুপেটিয়াৰ ইন্দ্ৰানী জুয়েলাৰ্চত ৷ ধৃত দুই চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ইন্দ্ৰানী জুয়েলাৰ্চৰ স্বতাধিকাৰ বিষ্ণু সূত্ৰধাৰ আৰু এজন গহনা ব্যৱসায়ী শিৱানী কৰ্মকাৰকো আটক কৰে।

Exit mobile version