Parliament Security Breach:লোকসভাত সুৰক্ষাৰ ক্ষেত্ৰত ত্ৰুটি

ভিজিটৰছ গেলাৰীৰ পৰা সংসদৰ বহা আসনলৈ জঁপিয়ালে প্ৰতিবাদকাৰী যুৱকে, যুৱককেইজনে স্প্ৰে’ও ব্যৱহাৰ কৰিছিল, দুই প্ৰতিবাকাৰীক আটক দিল্লী আৰক্ষীৰ, সংসদৰ বাহিৰত প্ৰতিবাদকাৰী যুৱকৰ আটকক লৈ উত্তাল প্ৰতিবাদ , নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিক লৈ অধ্যক্ষ - সাংসদৰ তীব্ৰ প্ৰতিক্ৰিয়া

parliament 2

Parliament Security Breach:

সংসদৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচী চলি থকা মাজতে আজি লোকসভাত সৃষ্টি হয় এক ভয়ংকৰ ঘটনা ৷ নিৰাপত্তা বেহু ভেদি সংসদত অনাধিকাৰ প্ৰৱেশ দুই প্ৰতিবাদকাৰীৰ ৷

লোকসভাত কাৰ্যসূচী অব্যাহত থকাৰ সময়তে ভিজিটৰছ গেলাৰীৰ পৰা সংসদৰ বহা আসনলৈ জঁপিয়ালে প্ৰতিবাদকাৰী যুৱকে ৷ লোক দুজনে ভিজিটৰছ গেলেৰীৰ পৰা সোমাই সাংসদসকলৰ আসনত উপস্থিত হয় আৰু সদনৰ চাৰিওফালে দৌৰিবলৈ ধৰে।

ইয়াৰ মাজতে জেকেট পৰিহিত আন এজন যুবকে জোতাৰ পৰা স্প্ৰে’ উলিয়াই শ্ল’গান দি স্প্ৰে মাৰি হালধীয়া ধোঁৱা ব্যৱহাৰ কৰে৷ ফলত ধোঁৱাময় হৈ পৰে লোকসভাৰ ভিতৰত ৷

দুই যুৱকৰ উত্তাল শ্ল’গানেৰে এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাত লোকসভাৰ কাৰ্যবিধি স্থগিত ৰখা হয়। ইয়াৰ মাজতে দুই যুৱকক কৰায়ত্ত কৰিবৰ বাবে আগবাঢ়ি আহে বহু কেইগৰাকী সাংসদ৷ যুৱকৰে হোৱা হতাহতিৰ ফলত আঘাতপ্ৰাপ্ত হয় মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ৷

অৱশ্যে সংসদৰ মাৰ্শ্বালে আৰু নিৰাপত্তাৰক্ষীয়ে আটক কৰে দুই প্ৰতিবাদকাৰীক ৷ ধৃত যুৱক দুজন হ’ল সাগৰ শৰ্মা আৰু মনোৰঞ্জন শৰ্মা ৷

আনহাতে সংসদৰ ভৱনৰ সন্মুখৰ বাহিৰত থকা পৰিবহন ভৱনৰ সমীপতো বিভিন্ন দেশ বিৰোধী শ্ল’গান দিয়া এহাল যুৱক – যুৱতীক আটক কৰে দিল্লী আৰক্ষীৰ সন্ত্ৰাস বিৰোধী বিশেষ শাখাই ৷ ধৃত দুয়োজনে ট্ৰেয়াৰ গেছ এৰি ধোঁৱাময় কৰি তোলে ৷ আটকাধীন ৪২ বৰ্ষীয় মহিলা গৰাকী হিছাৰৰ নীলম আৰু মহাৰাষ্ট্ৰৰ লাটুৰৰ ২৫ বছৰীয়া আমোল সিন্দে ৷

উল্লেখ্য যে,সংসদৰ ভিতৰত আটক কৰা দুই যুৱকক প্ৰৱেশৰ বাবে পাছ দিছিল মহিশূৰৰ বিজেপি সাংসদ প্ৰতাপ সিমৰেই ৷ ইপিনে সংসদৰ ভিতৰত যুৱকৰ অনাধিকাৰ প্ৰৱেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷লোকসভাত সুৰক্ষাৰ ক্ষেত্ৰত সুৰুঙাক লৈ অধ্যক্ষ ওম বিৰলাই তদন্ত ঘোষণা কৰিছে ৷

স্মতৰ্ৱ্য যে, আজি সন্ত্ৰাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকী আছিল ৷ সংসদ আক্ৰমণত মৃত্যু হোৱা বীৰ ছহিদ লোকসকলৰ স্মৃতিত পুৱাতে তদন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ মন্ত্ৰ – সাংসদ সকলে শ্ৰদ্ধাঞ্জলী জনাই ৷

২০০১ চনত সন্ত্ৰাসবাদীয়ে সংসদ ভৱন আক্ৰমণ কৰিছিল ৷ আজি এইদিনটোতে দুই যুৱকৰ সংসদত অনাধিকাৰ প্ৰৱেশ কৰি দেশ বিৰোধী শ্ল’গান দিয়া ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷

Exit mobile version