GMC Qr Code System:গুৱাহাটী পৌৰ নিগমৰ ব্যতিক্ৰমী পদক্ষেপ

মহানগৰবাসীৰ প্ৰতিঘৰ লোকৰ বাসগৃহৰ বাহিৰত লগাব QR ক'ড, জাবৰ সংগ্ৰহৰ পাছত QR ক'ডত স্কেন কৰিব লাগিব জাবৰ সংগ্ৰহকাৰী সংস্থাই

gmc

GMC Qr Code System:

মহানগৰবাসীৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ লৈছে গুৱাহাটী পৌৰনিগমে ৷ এতিয়াৰ পৰা প্ৰতিঘৰ লোকৰ বাসগৃহৰ পৰা জাবৰ সংগ্ৰহ কৰা সন্থাই কৰিব লাগিব এক বিশেষ কাম ৷

প্ৰতিঘৰ লোকৰ বাসগৃহৰ বাহিৰত জিএমচিয়ে সংস্থাপিত কৰা QR ক’ডত জাৱৰ সংগ্ৰহকাৰী সন্থাই জাৱৰ সংগ্ৰহৰ পাছত QR ক’ডত স্কেন কৰাটো বাধ্যতামূলক কৰিছে পৌৰ নিগমে ৷

শুক্ৰবাৰে ‘জাবৰমুক্ত গুৱাহাটী’ অভিযান শীৰ্ষক এই নতুন ব্যৱস্থাৰ শুভাৰাম্ভ কৰা হয় বশিষ্টৰ যানশালাত ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লয় মেয়ৰ মৃগেন শৰণীয়া আৰু আয়ুক্ত মেঘনিধি দাহালে ৷

Exit mobile version