Basistha :
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে অব্যাহত ৰাখিছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ এইবাৰ বহি:ৰাজ্যৰ পিষ্টলধাৰী যুৱকে দিন দুপৰতে এগৰাকী মহিলা দিলে প্ৰাণে মৰাৰ ভাবুকি ৷ যাক লৈ ইতিমধ্যে বশিষ্ট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি,বশিষ্ট নতুন বজাৰ নিবাসী সুনীতা গুপ্তা নামৰ মহিলা গৰাকীৰ চুবুৰীয়াৰ জোৱায়েক অভয় তিৱাৰী নামৰ বিহাৰৰ যুৱকজনে আজি দিন দুপৰতে গুপ্তা পৰিয়ালক হাতত উদ্যত পিষ্টল লৈ প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷
ইতিমধ্যে ইয়াকে লৈ অঞ্চলটো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মাৰাণাস্ত্ৰধাৰী যুৱকজন পলায়ন কৰে ৷ বশিষ্ট আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে বহি:ৰাজ্যৰ অস্ত্ৰধাৰী যুৱকজনৰ সন্ধানত অভিযান চলাইছে ৷
উল্লেখ্য যে,বশিষ্টৰ নতুন বজাৰৰ সুনীতা গুপ্তা পৰিয়ালৰ স’তে চুবুৰীয়া পৰিয়াল এটাৰ মাটিবাৰী সম্পৰ্কীয় বিবাদ চলি আছিল ৷ সোমবাৰে এই বিবাদক লৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
চুবুৰীয়াৰ জোৱায়েক অভয় তিৱাৰীৰে হাতত পিষ্টল লৈ ভাবুকি দিয়ে ৷আনকি সকীয়াই দিয়ে যে আৰক্ষীক এই সংক্ৰান্তত অৱগত কৰিলে গুলীয়াই মৰা হ’ ব৷
এই ভাবুকি পোৱাৰ পাছতে গুপ্তা পৰিয়ালে বশিষ্ট আৰক্ষীত এজাহাৰ দি অৱগত কৰে যদিও কোনো সময়োচিত ব্যৱস্থা নোলোৱাত আজি অভয় তিৱাৰী নামৰ বহি:ৰাজ্যৰ যুৱকজনে দুপৰীয়া ভাগত হাতত উদ্যত পিষ্টল লৈ গুপ্তা পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰি গুলীয়াবলৈ চেষ্টা কৰে যদিও হুলস্থূল হোৱাত যুৱকজন পলায়ন কৰে৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে ৷কিন্ত প্ৰশ্ন হয় সোমবাৰে যুৱকজনে পিষ্টল দেখুৱাই প্ৰাণেমৰা ভাবুকি দিয়াৰ সন্দৰ্ভত বশিষ্ট আৰক্ষীক অৱগত কৰাৰ পিছতো কিয় সময়োচিত পদক্ষেপ নল’লে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটিয়ে ৷