Petition For Congress Parliamentary Candidacy:গৌৰৱক বাদ দি ১৪ সমষ্টিত ৭৪ জনৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন

সভাপতি ভূপেন বৰাসহ চৰ্চাত থকা কে'বাজনেও দাখিল কৰা নাই আবেদন, নগাঁৱত দাবীদাৰ প্ৰদ্যুৎ বৰদলৈ-ৰকিবুল হুছেইন, বহুধাবিভক্ত নগাঁও কংগ্ৰেছৰ এটা শিৱিৰে দলত্যাগৰ প্ৰস্তুতি

rajib bhawan

Petition For Congress Parliamentary Candidacy:

আসন্ন লোকসভা নিৰ্বাচনৰ প্রার্থিত্বৰ বাবে আবেদন দাখিলক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত এতিয়া উদুলি-মুদুলি পৰিবেশ।

এক লাখ টকাৰ ডিমাণ্ড ড্রাফ্টসহ প্রার্থিত্ব বিচাৰি আবেদন দাখিল কৰা সকলক লৈ সৃষ্টি হৈছে এনে পৰিৱেশৰ। একাংশ দাবীদাবে মনোনয়ন দাখিলৰ দৰেও পৰিৱেশ সৃষ্টি কৰিছে প্রদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ চৌহদত। উদাহৰণ স্বৰূপে কৰিমগঞ্জ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰি আবেদন দাখিল কৰা আহাদ উদ্দিন তালুকদাৰে ডেৰ শতাধিক সমর্থকসহ আবেদন দাখিল কৰে।

একেদৰে যোৱা দিনকেইটাতো একাংশ প্রার্থীয়ে বৃহৎ সংখ্যক সমর্থকসহ নিজৰ আবেদন দাখিল কৰে। পূর্ব নির্ধাৰিত সূচী অনুসৰি, মঙলবাৰেআবেদন দাখিলৰ অন্তিম দিন আছিল। অবশ্যে শেষ মুহূর্তত এই সময়সীমা অহা ২২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হয়।

প্রদেশ কংগ্রেছৰ সূত্রই জনোৱা মতে, সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰিয়ে এনেদৰে সময়সীমা বৃদ্ধি কৰা হয়। দিল্লীত সংসদৰ দলীয় দায়িত্বত অতি ব্যস্ত থকাৰ হেতুকে এই পর্যন্ত গগৈয়ে ৰাজীৱ ভৱনত নিজে উপস্থিত হৈ আবেদন দাখিল কৰিব পৰা নাই বুলি দলৰ মঞ্চত চর্চা হৈছে।

উল্লেখ্য যে গগৈ এইবাৰ যোৰহাটৰ প্রার্থী হোৱাৰ সম্ভাবনা অধিক। ইয়াৰ বিপৰীতে আজি ১৪ টা লোকসভা সমষ্টিৰ বাবেই আবেদন দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰে।

মুঠ ৭৪ জন দাবীদাবে আজিলৈকে আবেদন দাখিল কৰে। সর্বাধিক ১১ জনে আবেদন দাখিল কৰিছে ধুবুৰীৰ পৰা। আনহাতে, আটাইতকৈ কম দুজনকৈ দাবীদাৰে আবেদন দাখিল কৰিছে কোকৰাঝাৰ আৰু নবগঠিত কাজিৰঙা সমষ্টিৰ বাবে।

উল্লেখ্য যে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ধুবুৰীত এইবাৰ মুখ থেকেচা খাব বুলি একাংশ কংগ্রেছী নেতাই দাবী কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ধুবুৰীত এইবাৰ সৰ্বাধিক দাবীদাৰ ওলাইছে।

সেইসকলৰ ভিতৰত বিশেষ উল্লেখয্যোগ্য হ’ল কংগ্রেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, প্রাক্তন বিধায়ক আবু তাহেৰ আৰু অধিবক্তা আবু তাহেৰ আলী বেপাৰী। ইপিনে, এইবাৰো প্রার্থী হ’বলৈ দৌৰত অবতীর্ণ হৈছে দলব কে’বাজনো জ্যেষ্ঠ নেতা। তাৰ ভিতৰত অন্যতম কেইজনমান হ’ল গর্জন মুছাহাৰী, ববিতা শর্মা, প্রাক্তন সাংসদ মাধৱ বাজবংশী, বিধায়ক বসন্ত দাস, ৰাজ্যসভাৰ প্রাক্তন সাংসদ দ্বিজেন্দ্র নাথ শর্মা, চুম ৰংহাং, জয়ৰাম ইংলেং, আবু ছালেহ নিজামুদ্দিন, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সাংসদ ৰাম প্রসাদ শর্মা, প্রাক্তন সাংসদ ৰাণী নৰহ, প্রাক্তন বিধায়ক বাজু চাহু, দুর্গা ভূমিজ, সাংসদ আব্দুল খালেক।

লক্ষ্যণীয় যে আব্দুল খালেকে ব্যতিক্রমীভাবে নির্দিষ্ট কোনো সমষ্টিৰ নাম উল্লেখ নকৰাকৈ আবেদন দাখিল কৰিছে। সমষ্টি পুনৰ নির্ধাৰণৰ ফলত নিজৰ ভোট বেংকত হোৱা খেলিমেলিৰ বাবে সাংসদজনে এইবাৰো বৰপেটাৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব নে নকৰে সেয়া নিশ্চিত হোবা নাই।

আকৌ নিজৰ ভোট বেংকৰ এটা বৃহৎ অংশ নতুন সীমা নির্ধাৰিত ধুবুৰীত অন্তর্ভুক্ত হৈছে। গতিকে তেওঁ ধুবুৰীতো প্রতিদ্বন্দ্বিতা কৰিব বিচাৰে। এনে কাৰণতে খালেকে ব্যতিক্রমীভাবে নির্দিষ্ট কোনো সমষ্টিৰ নাম উল্লেখ নকৰাকৈ আবেদন দাখিল কৰে।

আবেদন দাখিল কৰা ৰকিবুল হুছেইনক লৈ ৰাজীৱ ভবনত চর্চা চলে। প্রাক্তন মন্ত্রী তথা বৰ্তমানৰ জ্যেষ্ঠ বিধায়ক হুছেইনে ৰাজ্যিক ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলিবলৈ বিচৰা চৰ্চা দীর্ঘদিনৰ পৰা চলি আহিছিল। তদুপৰি এইবাৰ তেওঁ বদৰুদ্দিন আজমলক প্রত্যাহ্বান জনাই ধুবুৰীব প্রার্থী হোৱাৰ সম্ভাৱনাক লৈও চর্চা তুংগত উঠিছে। দলীয়ভাবেও হুছেইনক ধুবুৰীত প্রতিদ্বন্দ্বিতাৰ বাবে প্রস্তাব দিয়া হৈছে।

তাৰ বিপৰীতে আজি হুছেইনে প্রদ্যুৎ বৰদলৈক প্রত্যাহ্বান জনাই নগাঁৱৰ পৰাহে প্রার্থিত্ব বিচাৰি আবেদন দাখিল কৰে। অনলাইনৰ জৰিয়তে হুছেইনে এই আবেদন ৰাজীৱ ভৱনত জমা দিয়ে। প্রদ্যুৎ বৰদলৈয়েও আবেদন দাখিল কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ নগাঁৱৰ প্রার্থিত্বকেন্দ্রিক বিষয়টো আকর্ষণীয় পর্যায়ত সোমাই পবে। বৰদলৈ নে হুছেইনে সমষ্টিটোত দলব টিকট লাভ কৰিবলৈ সক্ষম হ’ব সেয়া কংগ্রেছত হৈ পৰিছে আকষণীয় চৰ্চাৰ বিষয়।

আনহাতে ৰকিবুলৰ আবেদন দাখিলক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নগাঁও জিলা কংগ্ৰেছৰ এটা শিৱিৰে ৷ একপ্ৰকাৰ কবলৈ গ’লে নগাঁও সংসদীয় সমষ্টিৰ বাবে টিকটক লৈ বহুধাবিভক্ত হৈ পৰিছে নগাঁও কংগ্ৰেছ ৷ প্ৰাপ্ত খবৰ অনুসৰি শীৰ্ঘেই এটা শিৱিৰে প্ৰস্তুতি চলাইছে দলত্যাগৰ ৷

ইপিনে, অদ্যাপি আবেদন দাখিল নকৰিলেও লোকসভাত প্রতিদ্বন্দ্বিতাৰ বাবে আগ্রহী ভূপেন বৰা। সূত্ৰত প্রকাশ যে কাৰিকৰী অসুবিধাৰ বাবে বৰাই আবেদন দাখিল কৰিব নোৱাৰিলে। আবেদনবোৰ সভাপতিলৈ কৰা হৈছে। ববা নিজে সভাপতি হোৱাত তেওঁ নিজকে নিজে আবেদন কৰাটো কাৰিকৰীভাবে অসুবিধাজনক।

আকৌ কংগ্রেছে ইতিমধ্যে তেজপুৰৰ বাবে ভবা-চিন্তা কৰা পবন সিং ঘাটোৱাৰেও আবেদন দাখিল নকৰাকৈয়ে হাইকমাণ্ডৰ হস্তক্ষেপত জ্যেষ্ঠ নেতা হিচাপে প্রার্থিত্ব পাব পাৰে বুলি দলীয় সূত্রই মন্তব্য কৰে।

১৪ টা সমষ্টিৰ বাবেই আবেদন গ্রহণ কৰিলেও কংগ্ৰেছে ৰাজ্যৰ বিৰোধী মঞ্চৰ অংশীদাৰ দলক আসন এবি দিব লাগিব। গতিকে যিকেইটা সমষ্টি এৰি দিব সেইকেইটাত প্রার্থিত্ব বিচাৰি আবেদন কৰাসকলক তেওঁলোকে জমা দিয়া এক লাখকৈ টকা দলে ঘুৰাই দিব।

কোন কেইটা সমষ্টি মিত্রদলক এৰি দিয়া হ’ব সেই সিদ্ধান্ত অদ্যাপি চূড়ান্ত হোৱা নাই। তাৰ । ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ব্যক্তিগত উদ্যোগত ডিব্ৰুগড় সমষ্টিটোৰ পৰা পাৰ্যমানে প্রার্থিত্বৰ আবেদন লদাখিল নকৰিবলৈ চেষ্টা কৰিছিল। কাৰণ এই সমষ্টিটো মিত্রদল অসম জাতীয় পবিষদক এৰি দিয়া হ’ব বুলি বৰাই ইতিমধ্যে আশ্বাস দি থৈছে।

সকলো ঠিকে-ঠাকে আগবাঢ়িলে ডিব্ৰুগড়ৰ প্রার্থী হোৱাৰ সম্ভাবনা আছে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ কিন্তু সভাপতি বৰাৰ এনে তৎপৰতাৰ মুকলি বিৰোধিতা কৰি আহিছে ডিব্ৰুগড় জিলা কংগ্রেছ কমিটাকে ধৰি লোকসভা সমষ্টিটোৰ অন্তর্গত আন জিলা সমিতিকেইখনেও।

অধিকাংশ ব্লক কংগ্ৰেছ কমিটীয়ে বৰাৰ অনানুষ্ঠানিক তেনে আহ্বানক নস্যাৎ কৰিছে। তাৰে আনুষ্ঠানিক বিৰোধিতা প্ৰদৰ্শন কৰি তিনিজন গুৰুত্বপূর্ণ প্রার্থীয়ে ডিব্ৰুগড়ৰ পৰা প্রার্থিত্ব বিচাৰি আবেদন কৰিছে। এই কেইজন হ’ল প্ৰাক্তন বিধায়ক ৰাজু চাহু, আন এজন প্রাক্তন বিধায়ক যে দুর্গা ভূমিজ আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজকুমাৰ নীল নেত্ৰ নেওগ।

ইয়াকে লৈ বৰাৰ লগত ডিব্ৰুগড় জিলা কংগ্রেছৰ নতুনকৈ সংঘাতো সৃষ্টি হোৱা বুলি দলৰ মজিয়াতে চর্চা চলিছে। প্রসংগক্রমে উল্লেখ্য যে আন সমষ্টিকেইটাত আবেদন দাখিল কৰা প্রার্থিত্বৰ দাবীদাৰৰ সংখ্যা হ’ল ক্রমে- বৰপেটাত ছজন, দৰং-ওদালগুৰিত ছজন, গুৱাহাটীত চাৰিজন, ডিফুত পাঁচজন, কৰিমগঞ্জত ১০ জন, শিলচৰত ছজন, নগাঁৱত তিনিজন, শোণিতপুৰত ছজন, লখিমপুৰত পাঁচজন আৰু যোৰহাটত চাৰিজন।

Exit mobile version