Press Release In ULFA(I):আলফাৰ সন্দেহত আটকাধীন যুৱকৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া আলফা( স্বা:)

নিৰীহ যুৱকক আটক আৰু গ্রেপ্তাৰ কৰি অসম আৰক্ষীয়ে আত্মসন্তুষ্টি লভিছে

ulfa i

Press Release In ULFA(I):

যোৱা কিছুদিন পূৰ্বে উজনি অসমৰ তিনিটাকে স্থানত আলফা স্বাধীনে গ্ৰেনেড বিস্ফোৰণ কৰাৰ পাছতে এই কাৰ্যৰে জড়িত থকা নিৰীহ যুৱকক আটক কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] য়ে ৷

বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ আলফা( স্বা:)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত প্ৰেছ বাৰ্তাত অসম আৰক্ষীৰ নিৰীহ যুৱকক আটক কৰা কাৰ্য অতি নিৰ্দনীয় বুলি অভিহিত কৰে ৷ প্ৰেছ বাৰ্তাটোৰ পূৰ্ণপাঠ এনেধৰণৰ-

‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী ২২ নৱেম্বৰ, ৯ ডিচেম্বৰ আৰু ১৪ ডিচেম্বৰত কাকপথাৰ, শিৱসাগৰ আৰু যোৰহাটত যিকেইটা সামৰিক অভিযান ৰূপায়ন কৰা হৈছিল, উক্ত অভিযানত সহযোগীতা আগবঢ়োৱাৰ সন্দেহত যোৱা ইংৰাজী ১৬ ডিচেম্বৰৰ পৰা গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা যিকেইগৰাকী নিৰীহ যুৱকক অসম আৰক্ষীয়ে প্রথমে সোধ-পোছৰ বাবে আটক কৰি পিছত গ্রেপ্তাৰৰ ৰূপ দিছে ;

সেই বিষয়ত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে স্পষ্ট কৰি দিব বিচাৰোঁ যে- “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সহযোগকাৰীৰূপে বা উল্লিখিত অভিযান সমূহৰ সন্দৰ্ভত গ্রেপ্তাৰ আৰু আটকাধীন যুৱকসকল কোনো প্ৰকাৰে জড়িত নহয়।

এই সময়চোৱাত সেইসকল নিৰীহ যুৱকক আটক আৰু গ্রেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি আত্মসন্তুষ্টি লাভ কৰিব বিচাৰিছে সেয়া প্ৰকৃততে অসম আৰক্ষীয়ে নিজৰ বিফলতাৰ দোষ ঢাকিবলৈ কৰা এক বিনির্জিত প্রয়াস মাথো। অসম আৰক্ষীৰ এনে কৰ্ম গৰিহণাৰ যোগ্য আৰু নিন্দনীয়’।

Exit mobile version