Bjp Pressmeet In Guwahati:ডিমা হাচাওতেই সমাপ্ত হ’ব ইণ্ডিয়া মৰ্চাৰ ৰাজনৈতিক ভৱিষ্যত

ৰাজনেতাৰ পৰা বহুৱালৈ নিজকে অৱনমিত কৰিছে ভূপেন বৰাই

state bjp pressmeet

Bjp Pressmeet In Guwahati:

ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচনতেই সমাপ্তি ঘটিব কংগ্রেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাৰ”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ।

দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদ মেলত এনেদৰে মতপোষণ কৰি শৰ্মাই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক হতাশাগ্রস্ত আৰু দিভ্রান্ত বুলি বর্ণনা কৰে।

বিজেপিৰ মুখপাত্ৰৰ মতে, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, দেব্রবত শইকীয়া, আব্দুল খালেকককে ধৰি আগশাৰীৰ সকলো কংগ্ৰেছ নেতাই লগ সংগ এৰি দিয়া ভূপেন বৰাই নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈ আবোল-তাবোল বকি থকাটোকে এক প্ৰকাৰৰ নিয়মত পৰিণত কৰিছে।

সেয়ে বৰাৰ কথাক কংগ্ৰেছ দলৰ মানুহেই গুৰুত্ব নিদিয়া হৈ আহিছে। থলুৱা, খিলঞ্জীয়া জনসাধাৰণে বৰাক বহুৱা বুলিয়েই গণ্য কৰে।

উল্লেখযোগ্য যে ডিমা হাচাও নির্বাচনৰ প্ৰসংগ উত্থাপন কৰি কংগ্রেছ সভাপতিয়ে যোৱা শতিকাৰ বিহাৰ, উত্তৰ প্ৰদেশৰ আৰ্হিত নির্বাচনী বাতাবৰণ অসমতো হোৱা বুলি মন্তব্য কৰিছে।

উত্তৰ প্রদেশ, বিহাৰত বেলট বাকচ কব্জা কৰি কংগ্রেছ দলেহে ৰাজনীতি কৰিছিল। কংগ্ৰেছৰ এই নীতিকেই পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশত সমাজবাদী পার্টিয়ে আৰু বিহাৰত লালু প্রসাদৰ আৰ জে ডিয়ে অনুশীলন কৰাৰ কথা আমি সকলোৱে জানো।

হয়তো অসমত ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এক সবল চৰকাৰ থকাৰ বাবে ভোট গ্রহণ কেন্দ্ৰত ৰিগিং এতিয়া আৰু সম্ভৱ নহয়। সেয়েহে হতাশাত ভুগিছে ভূপেন বৰা। এনে হাতাশাৰ বাবেই কংগ্ৰেছ সভাপতিয়ে সংগতি নথকা কথা কৈ নিজকে এক প্ৰকাৰে বহুৱা সদৃশ কৰি তোলা দেখা গৈছে বুলি বিজেপিৰ মুখপাত্রই মন্তব্য কৰে।

মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত গঢ়ি তোলা সুস্থ আৰু সবল প্রশাসনিক ব্যৱস্থাৰ বাবেই এক সমৃদ্ধ শৈক্ষিক পৰিৱেশ গঢ়ি উঠিছে। যোৱা ২০২১ চনত অসমত উচ্চ শিক্ষাৰ শিক্ষা প্রতিষ্ঠানত নামভর্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা ৪.১ শতাংশ হাৰে ১২ লাখলৈ বৃদ্ধি পাইছে।

ঠিক একেদৰে ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাৰ প্রতিবেদন অনুসৰি যোৱা দুবছৰত অভিলেখ সংখ্যক ১১.৮ শতাংশ হাৰত অসমত নিবনুৱাৰ সংখ্যা হ্রাস পাইছে। দেশৰ অগ্রণী বেংক ভাৰতীয় ষ্টেট বেংকৰ গৱেষণা শাখাৰ প্ৰতিবেদনখনৰ মতে বেকাৰত্ব কম হোৱাৰ নিৰিখত দেশৰ ভিতৰতে শীর্ষস্থানত আছে অসম।

বিজেপি চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহে সমাজত সৃষ্টি কৰা ইতিবাচক পৰিবেশৰ বাবেই এয়া সম্ভব হৈ উঠা বুলি ৰাজ্যিক বিজেপিয়ে আজি বর্ণনা কৰে।

Exit mobile version