Minister Ranjit Kumar Das Receives Bhattadeb Award-2023:মন্ত্ৰী ৰনজিৎ কুমাৰ দাসলৈ ভট্টদেৱ বঁটা-২০২৩

সৰভোগৰ বৰনগৰ সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস, দাসক প্ৰদান কৰা হ'ল ভট্টদেৱ বঁটা-২০২৩, "ভট্টদেৱ বঁটা-২০২৩" লাভ কৰি সৰভোগ আৰু পাটাছাৰকুছি সমষ্টিবাসী ৰাইজক কৰিলো উচৰ্গা

ranjit das 3

Minister Ranjit Kumar Das Receives Bhattadeb Award-2023:

সৰভোগৰ ঐতিহ্যমণ্ডিত বৰনগৰ সাহিত্য সভাৰ শতবাৰ্ষিকী উদযাপনৰ আজি অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত সৰুভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ গ্ৰামোন্নয়ন আৰু অসামৰিক যোগান মন্ত্ৰী ৰনজিৎ কুমাৰ দাসক বৰনগৰ সাহিত্য সভাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে “ভট্টদেৱ বঁটা-২০২৩ ৷

বঁটা গ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয়,আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোক “ভট্টদেৱ বঁটা-২০২৩” প্ৰদান কৰিলে যদিও এই বঁটা মই সাদৰেৰে গ্ৰহণ কৰি সৰভোগ আৰু পাটাছাৰকুছি সমষ্টিবাসী ৰাইজৰ বাবে উচৰ্গা কৰিছোঁ ৷ কিয়নো, এই দুই সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ বাবেহে মই সমাজৰ বাবে কাম কৰি যোৱাৰ সুযোগ পাইছোঁ ৷

অনুষ্ঠানত বৰনগৰ সাহিত্য সভাৰ সভাপতি সহ বহু কেইগৰাকী স্বনামধন্য সাহিত্যিক উপস্থিত থাকে ৷

Exit mobile version