95 Death Traps On State Highways:ৰাজ্যৰ ঘাইপথত ৯৫ টাকৈ মৰণফান্দ !

পাঁচ বছৰত 'ব্লেক স্পট' নির্মূল কৰিবলৈ ১৫,৭০২ কোটি টকা ব্যয় ঘাইপথ মন্ত্রণালয়ৰ, অসমতো ৪৭ টা দুর্ঘটনা প্রৱণ অঞ্চল মেৰামতি, কেৱল গুৱাহাটীত ৩০ টাকৈ 'ব্লেক স্পট'

damage road 2

95 Death Traps On State Highways:

ৰাষ্ট্ৰীয় ঘাইপথ নহয়, যেন নৰকলৈ যোৱা পথহে। ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ইষ্ট-ৱেষ্ট কৰিড’ৰৰ ইতিমধ্যে নিৰ্মাণ সম্পূর্ণ হোৱা অংশ আৰু নির্মিয়মাণ অংশসমূহত সঘনাই সংঘটিত হৈ অহা দুর্ঘটনাই বিপদসংকুল কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত।

এনে সময়তে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্রণালয়ে দুৰ্ঘটনাৰ কাৰণ উদ্‌ঘাটনৰ বাবে চলোৱা এক চৰজমিন অধ্যয়নৰ অন্তত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিৱেষ্টিত ৰাষ্ট্ৰীয় ঘাইপথত মুঠতে ৯৫ টা দুর্ঘটনা প্রৱণ অঞ্চল (ব্লেক স্পট) চিনাক্ত কৰিছে। নির্ধাৰিত এই ব্লেক স্পটসমূহত সঘনাই সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুর্ঘটনা

ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে সদৰী কৰা তথ্য মতে, বিগত পাঁচটা বছৰত অসমৰ মাজেৰে সম্প্ৰসাৰিত বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ চিনাক্ত কৰাত ৯৫ টা নিৰ্ধাৰিত ‘ব্লেক স্পট’ত সংঘটিত হৈছে ৪৩৬ টাকৈ ভয়াৱহ পথ দুর্ঘটনা। এই দুর্ঘটনাসমূহত মৃত্যু মুখত পৰে ৩০৪ জন লোক।

স্বাভাৱিকতে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল অসমৰ ৰাষ্ট্রীয় ঘাইপথত থকা ‘ব্লেক স্পট’সমূহ।

সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত থকা এই ‘ব্লেক স্পট’সমূহৰ ভিতৰত সৰ্বাধিক সংখ্যক ৩০ টা দুর্ঘটনাপ্রবণ অঞ্চল আছে কেবল গুৱাহাটীতে। প্রায় প্রতিদিনেই গুৱাহাটীত এই ‘ব্লেক স্পট’সমূহত সংঘটিত হৈ আহিছে সৰু অথবা ডাঙৰ পথ দুর্ঘটনা।

লক্ষ্যণীয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ৰ ভিতৰত অসমত পথ দুৰ্ঘটনাৰ সংখ্যা শূন্যলৈ হ্রাস কৰাৰ বাবে লক্ষ্য নির্ধাৰণ কৰি যাৱতীয় সকলো সজাগতা তথা সতর্কতামূলক ব্যৱস্থা গঢ়ি তোলাৰ সময়তে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ে ইতিমধ্যে ৯৫ টা ‘ব্লেক স্পট’ৰ ভিতৰত ৪৭ টা ‘ব্লেক স্পট’ত যাতে দুর্ঘটনা সংঘটিত নহয় তাৰ বাবে যথোপযুক্ত পৰিত্ৰাণমূলক ব্যৱস্থা গ্রহণ কৰিছে। অবশ্যে ইয়াৰ পাছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও মৃত্যুদূতৰ ৰূপ লৈ আছে ৪৮ টাকৈ দুর্ঘটনাপ্রবণ স্থানে।

প্রসংগত উল্লেখ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সর্বাধিক সংখ্যক ‘ব্লেক স্পট’ চিনাক্ত কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহণ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য মতে, নগালেণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্রীয় ঘাইপথত ১৭ টা দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে।

একেদৰে ছিকিমত ১০ টা, ত্ৰিপুৰাত নটা, মণিপুৰ আৰু অৰুণাচলত পাঁচটাকৈ তথা মেঘালয় আৰু মিজোৰামৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত এটাকৈ ‘ব্রেক স্পট’ চিনাক্ত কৰা হৈছে।

কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নিতিন গাডকাৰীয়ে সংসদত প্রকাশ কৰা তথ্য মতে, সমগ্র দেশজুৰি থকা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথসমূহত সর্বমুঠ ৫,৮০৩ টা ব্লেক স্পট অর্থাৎ সর্বাধিক দুর্ঘটনা প্ৰৱণ অঞ্চল চিহ্নিত কৰা হৈছে।

ইয়াৰ ভিতৰত তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথত সর্বাধিক সংখ্যক দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে। ৰাজ্যখনত পৰিৱেষ্টিত সমূহ ৰাষ্ট্ৰীয় ঘাইপথত সর্বমুঠ ৭৪৮ টা ‘ব্লেক স্পট’ আছে। ইয়াৰ পাছতে চুবুৰীয়া পশ্চিমবংগৰ ৰাষ্ট্ৰীয় ঘাইপথত ৭০১ টা আৰু তেলেংগানাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৪৮৫ টা দুর্ঘটনাপ্রবণ স্থান চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচশ মিটাৰ দৈর্ঘ্যৰ নির্দিষ্ট অঞ্চলত বিগত তিনিটা বছৰত কমেও পাঁচটা দুর্ঘটনা তথা ১০ জন লোক হতাহত হোৱা ঘটনা সংঘটিত হ’লে তেনে স্থানসমূহক ‘ব্রেক স্পট’ হিচাপে চিহ্নিত কৰিছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ে দুর্ঘটনাপ্রবণ অঞ্চল হিচাপে চিনাক্ত কৰা এনে দুর্ঘটনাপ্রবণ স্থানসমূহক পথচাৰীয়ে প্ৰত্যক্ষ কৰিব পৰাকৈ নির্দিষ্ট সংকেত প্ৰদানৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে এনে দুর্ঘটনা প্রৱণ অঞ্চলসমূহত থকা পথৰ দুৰৱস্থা অথবা সংশ্লিষ্ট অঞ্চলখিনিত থকা যাতায়াতৰ অসুবিধা দূৰ কৰিবলৈ কাৰ্যব্যৱস্থা গ্রহণ কৰি বিগত ২০১৮-১৯ৰ পৰা ২০২২-২৩ৰ ভিতৰত ১৫,৭০২ কোটি টকা ব্যয় কৰা বুলিও কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সদৰী কৰিছে।

Exit mobile version