Guwahati Celebrate Christmas:শান্তি-প্রেম- ভ্ৰাতৃত্বৰ বাণীৰে আজি পবিত্র বৰদিন উদযাপন

আলোকসজ্জাৰে জিলিকি উঠিছে গির্জা 

christmas 1

Guwahati Christmas Celebrate :

শান্তি- আনন্দ, প্রেম-ভ্রাতৃত্বৰ বাণীৰে সোমবাৰে উদযাপিত হয় পবিত্র বৰদিন। এই বিশেষ দিনটোৰ উপলক্ষ্যে সমগ্র বিশ্বতে খ্রীষ্টান ধৰ্মাৱলম্বীসকলৰ মাজত পাৰভঙা – উচাহৰ সৃষ্টি হৈছে। বিশ্বৰ সকলো প্ৰান্তৰ লগতে অসমতো পবিত্র বৰদিন উপলক্ষ্যে
ইয়াৰ উপাসনাস্থলী তথা গির্জাগৃহসমূহ ৰং-বিৰঙৰ আলোকসজ্জাৰে জিলিকাই তোলা হৈছে।

ব্ৰিটিছৰ দিনতে ১৮৪৫৩ নাথান ব্রাউনৰ উদ্যোগত প্রতিষ্ঠা লাভ কৰা ব্যাপ্টিষ্টসকলৰ ঐতিহ্যমণ্ডিত ?মহানগৰীৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত পাণবজাৰস্থিত গির্জাঘৰ, ডনবস্ক’ চৌহদত থকা গির্জা আদি বৰদিনৰ উপলক্ষ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে।

এই বিশেষ দিনটোৰ উপলক্ষ্যে পুৱাতে গির্জাত কেবল (যীশুৰ জন্মত আনন্দত গোৱা গীত)শব্দৰে মুখৰিত কৰি তোলে গীৰ্জাৰ চৌপাশ ৷ আনহাতে খেল ধেমালিৰ লগতে ঠায়ে ঠায়ে দুপৰীয়া আৰু নিশা আয়োজন কৰা হৈছে প্ৰীতিভোজৰ। সমান্তৰালভাৱে এই পবিত্র দিনটো ৰাজ্যৰ শান্তি- ভাতৃত্ববোধৰ কামনাৰে খ্রীষ্টান ধৰ্মাৱলম্বীসকল সমূহীয়া প্ৰাৰ্থনা কৰে ।

ইয়াৰ উপৰি বজাৰত বৰদিন উপলক্ষ্যে মহানগৰীৰ শ্বপিং মলসমূহকে ধৰি বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয় যোৱা এটা সপ্তাহত।

আনহাতে ,ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অগপ সভাপতি অতুল বৰাই ৰাজ্যবাসীক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক প্ৰেছ বার্তাত ৰাজ্যপাল কাটাৰিয়াই পবিত্ৰ বৰদিনে সমাজত প্রেম, শান্তি, বন্ধুত্ব তথা ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে। একেদৰে অগপ সভাপতি বৰাই বৰদিন উদযাপনে সমাজত ভাতৃত্ববোধ আৰু বন্ধুত্বপূর্ণ পৰিৱেশ অধিক সুদৃঢ় কৰি তুলিব বুলি মন্তব্য কৰে।

Exit mobile version