Golden Sprout Bean Crop Disappeared:নগাঁৱৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰিল সোণা মণ্ড মাহৰ খেতি

magumah

Golden Sprout Bean Crop Disappeared:

নগাঁও জিলাৰ অধিকাংশ কৃষিভূমিয়েই এতিয়া থলুৱা অসমীয়া খেতিয়কৰ হাতৰ পৰা ওলাই গৈছে। কৃষি কার্যৰ প্রতি আগ্রহ নাইকিয়া হৈ পৰা থলুবা অসমীয়া লোকসকলৰ কিছুমানে কৃষিভূমি ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকক বিক্রী কৰি দিলে।

আন একাংশই আধি-চুক্তি দি চহৰমুৱা হ’ল। মুঠতে জিলাখনৰ বিভিন্ন অঞ্চলত এতিয়া থলুৱা অসমীয়াৰ কৃষিপথাৰ তেওঁলোকৰ হাতৰ পৰা আঁতৰি গ’ল। থলুৱা অসমীয়া লোকসকলৰ পৰা খেতিপথাৰ ওলাই যোৱাৰ লগে লগেই সেই পথাৰসমূহৰ পৰা অদৃশ্য হৈ পৰিল কেতবোৰ আপুৰুগীয়া শস্য। সম্প্রতি নগাঁও জিলাৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰা আপুৰুগীয়া শস্যসমূহৰ অন্যতম হ’ল সোণা মগু মাহৰ খেতি।

৮০ ৰ দশকলৈকে নগএগ থলুৱা খেতিয়কসকলে নিজৰ আটী আৰু বালিচহীয়া পথাৰত এই থলুৱা প্রজাতিৰ সোণা মণ্ডৰ খেতি কৰিছিল। এই সোণা মগুমাহ ৰবি শস্যৰ খেতি হিচাপে কৰা হৈছিল। পুহ-মাঘৰ ভিতৰত এই মগুমাহৰ ছেইবোৰ পৰিবলৈ আৰম্ভ কৰে। তেতিয়াই সেইবোৰ উভালি পথাৰতে শুকাবলৈ দি পাছত মৰণা মাৰি তাৰ সোণগুটি লেখীয়া বীজ উলিওৱা হয়।

সোণৰ দৰে বৰণ হোৱা হেতুকে এই মগু মাহক সোণা মগু বোলা হৈছিল। তাহানিতে জিলাখনৰ প্ৰায় প্ৰতিটো থলুৱা অসমীয়া কৃষক পৰিয়ালেই এই সোণা মণ্ডৰ খেতি কৰিছিল। অতি সুস্বাদু আছিল এই সোণা মগু সাধাৰণতে এই সোণা মগু মাহ সকামৰ প্ৰসাদ আৰু তৰকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এটা সময়ত নগঞা কৃষক ৰাইজে প্রসাদত ‘সোণা মগুৰ বাহিৰে অন্য কোনো মগু ব্যৱহাৰেই কৰা নাছিল।

সোণামগু গছৰ মৰণা মাৰি চালনিৰে চালি মগু মাহবোৰ উলিওৱাৰ পাছত ৰৈ যোৱা ঘূগুলাবোৰ গৰু-ম’হৰ উৎকৃষ্ট খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৮০ৰ দশকৰ আগলৈকে কৃষি প্রধান নগাঁও জিলাত শীতকালীন ৰবি শস্য সোণা মগু মাহ প্রায় ৫০০ মেট্রিকটন পর্যন্ত উৎপন্ন হৈছিল। এতিয়া সেইবোৰ সাধুকথাৰ দৰে হ’ল।

স্মর্তব্য যে এই সোণা মগুমাহৰ খেতি কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্রয়োগ নকৰাকৈয়ে তেতিয়া থলুৱা অসমীয়া খেতিয়কসকলে কৰিছিল।

এতিয়া জিলাখনৰ এমুঠিমান খেতিয়কে গ্রীষ্মকালীন মুগ মাহৰ খেতিহে কৰে। এই মুগ মাহ জিলাখনত বছৰি ৩০৮ মেট্রিকটন উৎপন্ন হয়। এতিয়াৰ প্ৰজন্মৰ বাবে সম্পূৰ্ণ অপৰিচিত হ’ল তাহানিৰ সোণোৱালী মগু মাহ, অর্থাৎ সোণা মগু আৰু সোণা মগুৰ খেতি। এই বিলুপ্ত হৈ পৰা সোণা মগুৰ খেতিক পুনৰ আৰম্ভ কৰাৰ ক্ষেত্রত কৃষি – বিভাগে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কৃষি প্রধান জিলাখনত বিলুপ্ত হোৱা আন এবিধ শস্য হ’ল আহুধানৰ খেতি।

গ্রীষ্মকালীন এই আহুধানৰ খেতিও জিলাখনৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰিল। অথচ ৮০ৰ দশকৰ আগলৈকে জিলাখনত প্রায় তিনিশ মেট্রিকটন গ্রীষ্মকালীন আহু ধান উৎপাদন হৈছিল।

Exit mobile version