SIT Notice To Another Gazetted Officer:পুনৰ আন এগৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিৰৰ জাননী

সমবায় বিভাগৰ সহ-পঞ্জীয়ক চক্ৰধৰ ডেকাক দুই জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

apsc

SIT Notice To Another Gazetted Officer:

বহুচৰ্চিত এপিএছচিৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰি থকা চিআইডিৰ এছ আই টি-এ ইজনৰ পাছত সিজনকৈ এচিএছ আৰু এপিএছ বিষয়াক সোধপোছৰ বাবে জাননী দিয়াৰ পাছত পুনৰ আন এগৰাকী বিষয়ালৈ জাৰি কৰা হৈছে জাননী

সমবায় বিভাগৰ সহ-পঞ্জীয়ক চক্ৰধৰ ডেকালৈ এছ আই টিয়ে জাননী জাৰি কৰি দুই জানুৱাৰীত সোঁশৰীৰে চিআই ডি হেডকোৱাৰ্টাৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে ।
একেদৰে এপিএছ নন্দিনী কাকতিকো দুই জানুৱাৰীত হাজিৰৰ নিৰ্দেশনা জাৰি কৰে ৷

উল্লেখ্য যে,দুই ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে চিআইডিৰ বিশেষ তদন্তকাৰী গোটে সংগ্ৰহ কৰিছে কেতবোৰ তথ্য ৷ দুই জানুৱাৰীত দুই বিষয়া হাজিৰ হোৱাৰ পাছতে এছ আই টিয়ে চলাব মাৰাথন জেৰা ৷ জেৰাত সন্তুষ্ট নহ’লে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

মনকৰিবলগীয়া যে,এপিএছচিত বক্ৰপথৰে নিযুক্তি লাভ কৰা সন্দৰ্ভত তদন্ত কৰিবৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ বৰুৱাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰিছিল আয়োগ ৷

ইতিমধ্যে আয়োগে বক্ৰপথৰে চাকৰি লাভ কৰা ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ নাম সনিবিষ্ট কৰি দাখিল কৰিছিল তদন্ত প্ৰতিবেদন ৷ৰাজ্য চৰকাৰে এই প্ৰতিবেনৰ ওপৰত ভিত্তি কৰি চি আই ডিক দায়িত্ব দিয়ে ৷

Exit mobile version