ULFA to Sign Peace Agreement in Delhi Tomorrow:কাইলৈ দিল্লীত আলফাৰে ত্ৰিপাক্ষিক চুক্তি

আজি নতুন দিল্লীত আলফাৰ কেন্দ্ৰীয় কাৰ্যনিবাহকৰ অন্তিম খন বৈঠকত মিলিত নেতৃবৰ্গ, সকলো সঠিক ধৰণে আগবাঢ়িছে:অনুপ চেতীয়া

ulfa

ULFA to Sign Peace Agreement in Delhi Tomorrow:

আলফা আৰু চৰকাৰৰ মাজত প্রস্তাবিত শান্তি চুক্তিক লৈ দিল্লীত তৎপৰতা তুংগত উঠিছে। অহা ২৯ ডিচেম্বৰত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আজি নতুন দিল্লীৰ পৰাই ‘দৈনিক অগ্রদূত’ক জানিবলৈ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

চুক্তিৰ বাবে মংগলবাৰেই চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰী দিল্লীত উপস্থিত হৈছিল। তাৰ পাছত গৃহ মন্ত্রণালয়ৰ প্ৰতিনিধিৰ স’তে তেওঁলোক কে’বাখনো বৈঠকত মিলিত হৈছে। এনেদৰে প্ৰক্ৰিয়াটো চূড়ান্ত পর্যায়ত উপনীত হোৱাত বুধবাৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আন এটা দল গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হয়।

আনহাতে, আজি দিল্লীত উপস্থিত হ’ব ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ ১৪ জন নেতা। এই সকলোৰে উপস্থিতিত শুক্ৰবাৰে (২৯ ডিচেম্বৰ) সন্ধিয়া চাউথ ব্লকত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’ব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাও ইয়াত উপস্থিত থাকিব। তদুপৰি আলফাৰ কৰ্ম পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত থাকিব।

চেতিয়াই লগতে কয়, ‘সকলো সঠিক ধৰণে আগবাঢ়িছে। আমি এই চুক্তিক লৈ সম্পূর্ণ আশাবাদী।’ আনহাতে, দিল্লী যাত্ৰাৰ পূৰ্বে সভাপতি ৰাজখোৱাই কয় যে তেওঁলোকে বিচৰা ধৰণে প্ৰক্ৰিয়াবোৰ  আগবঢ়া বাবে এনেদৰে যাবলৈ ওলাইছে। অসমৰ সুৰক্ষাক লৈ তেওঁলোকে যি ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল, তাত সঁহাৰি পোৱাৰ বাবেহে চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে।

গুৱাহাটীৰ পৰা দিল্লীত উপস্থিত হোৱা সকলৰ ভিতৰত অন্যতম হ’ল- উপ-সভাপতি প্রদীপ গগৈ, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, চিত্ৰবন হাজৰিকা, প্রণতি ডেকা, মিথিংগা দৈমাৰী, মৃণাল হাজৰিকা, অন্টু চাউদাং আৰু প্রাণজিৎ শইকীয়া।

আনহাতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে আজি নতুন দিল্লীত আলফাৰ অন্তিমখন বৈঠকত মিলিত হয় আলফাৰ নেতৃত্ববৰ্গ ৷ আনহাতে বিয়লি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ এক প্ৰতিনিধিৰে বহিব বৈঠকতো মিলিত হ’ব আলোচনাপন্থী আলফাৰ নেতাসকল ৷

কাইলৈ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত সন্ধিয়া সাত বজাত প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াত সংবাদমেল সম্বোধন কৰিব আলফাৰ নেতৃবৰ্গই ৷ একেদৰে সম্বোধন কৰিব অসমবাসীক ৷

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰৰে আলফাৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে দিল্লীৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তনৰ পাছতে আলফা নেতৃত্বই আনুষ্ঠানিকভাৱে ভংগ কৰিব ‘আলফা’ সংগঠনটো ৷
স্মতৰ্ৱ্য যে ২০১১ৰ পৰা আলফাই আলোচনা প্রক্রিয়া চলাই আহিছে। সেই বছৰৰে পাঁচ আগষ্টত অনুষ্ঠিত জাতীয় অভিবর্তনে প্রস্তুত কৰি দিয়া দাবী চনদৰ ভিত্তিত সংগঠনটো আলোচনাৰ প্ৰক্ৰিয়াত আছে আলফাৰ দাবী চনদৰ মূল বিষয়টোৱে হ’ল অসমত খিলঞ্জীয়াৰ সৰ্বদিশৰ অধিকাৰ সুনিশ্চিত কৰা। ছয় জনগোষ্ঠীক জনজাতিকৰণৰে অসমক সুৰক্ষিত কৰাটোও ইয়াৰ ভিতৰত আছে। এনে কাৰণতে জনগোষ্ঠীয় সংগঠনবোৰকো দিল্লীলৈ নিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷

#অসমত নিৰাপত্তা ব্যৱস্থা গ্রহণ:

আলফাৰ লগত দিল্লীত প্রস্তাৱিতত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বিপৰীতে সংগঠনটোৰ আনটো গোট আলফা (স্বাধীন) গোটেই প্ৰক্ৰিয়াটোৰ পৰা সম্পূর্ণ বাহিৰত ৰৈ যাব। এনে ক্ষেত্ৰত প্রস্তাবিত চুক্তিখনে আলফা সমস্যাটো সমাধানত কিমান দূৰ সহায় কৰিব তাক লৈও চৰ্চা আৰম্ভ হৈছে।

ইপিনে, আকস্মিকভাৱে ৰাজ্যত সক্ৰিয় হৈছে নিষিদ্ধ সংগঠনটো। সেয়েহে চুক্তি স্বাক্ষৰক লৈ ৰাজ্যত ব্যাপক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। চুক্তিৰ বিৰোধিতা কৰি আলফা (স্বাঃ)ই যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-নিৰাপত্তা বাহিনী আদিক সষ্টম কৰি দিয়া হৈছে।

অসম ৰাইফলছকো এই বার্তা দিয়া হৈছে। সকলো জিলাতে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিলেও নির্দিষ্ট কেইখনমান জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। পূব অসমৰ জিলাকেইখনৰ উপৰি কামৰূপ মহানগৰ জিলাত বিশেষ সতর্কতা গ্রহণ কৰা হৈছে বুলি সূত্ৰত প্রকাশ।

Exit mobile version