Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

"গৰীব কল্যাণৰ বাবে 'মোদী কি গেৰাণ্টিয়ে দেশৰ উন্নয়নক গতিশীলতা দিব": সোণোৱাল, সর্বানন্দ সোণোৱালে উৰিষ্যাত 'বিকশিত ভাৰত সংকল্প যাত্রা'ত অংশগ্ৰহণ কৰে

sarbanandra main

Union Minister Sarbanandra Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি উৰিষ্যাৰ কটকৰ ধাৰীপুৰ গাঁও পঞ্চায়তত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ অংশ হিচাপে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এখন আই.ই.চি. বাহনৰ ফ্লেগ্‌ অফ কৰে সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কটকৰ মাচুৱা বজাৰৰ পৰা যাত্ৰাৰ অংশ হ’বলৈ আন এটা কার্যসূচীতো অংশগ্ৰহণ কৰে।

অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ দেশখনে চলিত এই অমৃতকাল অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে। বিগত ৯ বছৰত মোদীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে।

আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্ৰা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্রায় ৮০ কোটি লোকে বিনামূলীয়া খাদ্য লাভ কৰে।

দুর্নীতি আঁতৰ কৰিবলৈ, ‘এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড’ কাৰ্যকৰী কৰা হৈছে। মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে জন ধন যোজনাৰ দ্বাৰা কোটি কোটি লোকক বেংকিং ব্যৱস্থাটোৰ অন্তৰ্ভুক্ত কৰিছে। ই ৩২.২৯ লাখ কোটিটকাৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (ডিবিটি) কাৰ্যকৰী কৰাত সহায় কৰিছে।

এইটোৱে কেৱল মধ্যভোগীক ছত্রভঙ্গ দিয়াই নহয়, লগতে শাসন প্রণালীটো পূর্বতকৈ যথেষ্ট দক্ষ কৰি তুলিছে। যোৱা ৫ বছৰত বহুমাত্রিক দৰিদ্ৰতাৰ পৰা প্ৰায় ১৩.৫ কোটি ভাৰতীয়ক মুক্ত কৰা হৈছে। গ্রামাঞ্চলত দৰিদ্ৰতা ৩২.৫৯%ৰ পৰা ১৯.২৮%লৈ দ্রুতগতিত হ্রাস কৰা হৈছে।

এই সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে ৰূপায়ণ কৰা দূৰদৰ্শী নীতিৰ ফচল, যি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্রধানমন্ত্রী বিশ্বকর্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট-আপ্ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে চৰকাৰে বিগত ৯ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে।

যিহেতু আমি অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছোঁ, সেয়েহে উন্নয়নৰ বাৰ্তা গ্ৰহণ কৰিবলৈ আৰু চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহত সৰ্বস্তৰৰ নাগৰিকৰ সম্পূর্ণ অংশগ্রহণ নিশ্চিত কৰিবলৈ
‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হৈ আছে।

কংগ্রেছ হ’ল দুৰ্নীতিৰ ধ্বজাবাহক। কংগ্ৰেছৰ শাসনকালত হোৱা ব্যাপক দুর্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ফলত জনসাধাৰণে আঁচনিৰ ধন আৰু সুফল লাভৰ পৰা বঞ্চিত হৈছিল। কংগ্ৰেছে দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰি অভিলেখ গঢ়িছিল।

এতিয়া আমাৰ সকলোৰে লক্ষ্য- ২০৪৭৷ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা। ইতিমধ্যে ভাৰতে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হৈছে, যিয়ে প্ৰতিগৰাকী দেশবাসীক নতুন সাহস আৰু মনোবল প্ৰদান কৰিছে।”

মোদী চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা পিএম স্ব-নিধি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও সোণোৱালে বাৰ্তালাপ কৰে। ‘মেৰী কাহানি, মেৰী জুবানি’ত হিতাধিকাৰীসকলে প্রধানমন্ত্রী স্ব-নিধি আঁচনিৰ পৰা তেওঁলোকে লাভ কৰা লাভালাভৰ বিষয়ে উল্লেখ কৰে।

লগতে প্রধানমন্ত্রী আৱাস যোজনাৰ (নগৰ) পৰা আহৰণ কৰা লাভালাভৰ বিষয়েও তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। আঁচনিসমূহে কেনেদৰে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা আৰু জীৱন ধাৰণৰ মান সলনি কৰিছে, সেই বিষয়ে সোণোৱালে বুজ লয়।

Exit mobile version