Historic ULFA Peace Agreement was Signed in Delhi’s North Block:দিল্লীৰ নৰ্থ ব্লকত স্বাক্ষৰিত হ’ল ঐতিহাসিক আলফা শান্তি চুক্তি

আলফাৰ নেতৃবৰ্গ সহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুক্তিত কৰিলে স্বাক্ষৰ

ulfa deal

Historic ULFA Peace Agreement was Signed in Delhi’s North Block:

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুক্ৰবাৰে দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ল বহু প্ৰতিক্ষিত আলফাৰ শান্তি চুক্তি।

চুক্তিত স্বাক্ষৰ কৰে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা,সাধাৰণ সম্পাদক অনুপ চেতীয়া সহ ৮ গৰাকী আলফাৰ নেতাই ৷

উল্লেখ্য যে, ঐতিহাসিক আলফা শান্তি চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

মনকৰিবলগীয়া যে,আলফাৰ ১৬গৰাকী নেতাৰ হৈ চুক্তিত স্বাক্ষৰ কৰে অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, প্ৰণতি ডেকা, ৰাজু বৰুৱা, চিত্ৰবন হাজৰিকা, শশধৰ চৌধুৰী আৰু মিথিংগা দৈমাৰী।

আনহাতে,স্বাক্ষৰিত মুহূৰ্তত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিবএ. কে ভাল্লা,আই বি মুৰব্বী তপন কুমাৰ ডেকা,নিয়াৰ মুৰব্বী,অসম চৰকাৰৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ,ডিজিপি জিপি সিং৷

Exit mobile version