PM Modi is back at the Top of Popularity:জনপ্ৰিয়তাৰ নিৰিখত পুনৰ অভিলেখ, ইউটিউবত দুই কোটি মোদীৰ ছাবস্ক্রাইবাৰ

pm modi 4

PM Modi is back at the Top of Popularity:

জনপ্ৰিয়তাৰ নিৰিখত বিভিন্ন সমীক্ষাত অন্য ৰাষ্ট্রনেতাক একাধিকবাৰ অতিক্ৰম কৰি আহিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। এইবাৰ ইউটিউবত ছাবস্ক্রিপচনৰ নিৰিখত অভিলেখ গঢ়ি মোদীয়ে।

মোদীয়ে হৈছে বিশ্বৰ একমাত্ৰ ৰাষ্ট্রনেতা, যাৰ ইউটিউবত সর্বাধিকসংখ্যক ছাবস্ক্রাইবাৰ আছে। মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইউটিউবত ছাবস্কাইবাৰৰ সংখ্যাই দুই কোটি অতিক্রম কৰিলে। ২৬ ডিচেম্বৰলৈকে মোদীৰ ইউটিউব চেনেলৰ ভিউআৰ আছিল দুই কোটি ২৪ লাখ।

ইউটিউবত জনপ্রিয়তাৰ ক্ষেত্ৰত তালিকাত দ্বিতীয় স্থানত আছে ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ’ বলছনাৰো। বলছনাৰোৰ ছাবস্ক্রাইবাৰৰ সংখ্যা ৬৪ লাখ।

আনহাতে,ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভাডিমীৰ জেলেন’স্কিৰ ১১ লাখ ছাবস্ক্রাইবাৰৰে ইউটিউবত ৰাষ্ট্রনেতা হিচাপে তৃতীয় স্থানত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স্থান চতুৰ্থ আৰু তেওঁৰ ছাবস্কাইবাৰৰ সংখ্যা হৈছে সাত লাখ ৯৪ হেজাৰ।

Exit mobile version