ULFA – Government To Sign ‘Tripartite Peace Deal’ in South Block, New Delhi at 5 Pm:সকলো উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কিছু ক্ষণ !

বিয়লি ৫ বজাত নতুন দিল্লীৰ চাউথ ব্লকত আলফা - চৰকাৰৰ মাজত স্বাক্ষৰিত হ'ব ঐতিহাসিক শান্তি চুক্তি

SOUTH BLOCK 1

ULFA – Government To Sign ‘Tripartite Peace Deal’ in South Block, New Delhi at 5 Pm:

সকলো উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কিছু ক্ষণ বাকী ৷ বিয়লি পাঁচ বজাত নতুন দিল্লীৰ চাউথ ব্লকত স্বাক্ষৰিত হ’ব আলফা- চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি

উল্লেখ্য যে,বহু চৰ্চিত আলফা-চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা,সাধাৰণ সম্পাদক অনুপ চেতীয়া সহ ১৬ জনীয়া দল ৷

আনহাতে,স্বাক্ষৰিত মুহূৰ্তত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ সচিব,আই বি মুৰব্বী তপন কুমাৰ ডেকা,নিয়াৰ মুৰব্বী,অসম চৰকাৰৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ,ডিজিপি জিপি সিং৷

উল্লেখ্য যে,চুক্তি স্বাক্ষৰিত অনুষ্ঠানত অংশ লৱ অসমৰ তিনিটা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সহ আন এঘাৰটা সংগঠনৰ প্ৰতিনিধিবৰ্গ ৷

আলফা,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হ’বলগীয়া ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি’ত ভাৰত চৰকাৰৰ হৈ স্বাক্ষৰ কৰিব গৃহসচিব এ. কেভাল্লা,অসম চৰকাৰৰ হৈ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে আৰু আলফাৰ হৈ স্বাক্ষৰ প্ৰদান কৰিব সভাপতি অৰবিন্দ ৰাজখোৱা,সাধাৰণ সম্পাদক অনুপ চেতীয়াই ৷

Exit mobile version