APSC SCAM Update:উত্তৰবহীত নিজে একো নিলিখাকৈয়ে চাকৰি লোৱা বিষয়াৰ পিতৃক জেৰা

পুনৰ তিনি ৰাজপত্ৰিত বিষয়াক জেৰা, উত্তীর্ণ নোহোৱাকৈয়ে এচিএছ হৈছিল হিতেশ মজুমদাৰ, কে'বাজনো অভিযুক্তক তলব

cid office

APSC SCAM Update:

অসম লোকসেৱা আয়োগ (এপিএছচি)ত বক্ৰপথৰে চাকৰি সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হোৱা বিষয়াৰ পিতৃও বিশেষ তদন্তকাৰী গোট (এছ আই টি)ৰ জেৰাৰ সন্মুখীন হয়। ইয়াৰ লগতে আন তিনিজন বক্রপথৰে জালিয়াতিত লিপ্ত বিষয়াকো জেৰা কৰা হয়।

ইপিনে এছআইটিয়ে আন কে’বাজনো বিষয়াক তলৱ কৰে। ধৃত নিয়োগ বিষয়া ৰাকেশ দাসৰ পিতৃ ভগৱান দাসক জেৰা কৰে এছ আই টিয়ে। ৰাকেশ দাসে ইতিমধ্যে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে তেওঁ উত্তৰবহীত একো লিখাই নাছিল।

ইয়াৰ পৰৱৰ্তী সময়ত তদন্তত ওলাই পৰে যে ৰাকেশ দাসৰ পিতৃ ভগৱান দাস আৰু এপিএছচিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ মাজত যোগাযোগ আছিল।

দুয়ো অনুকূল ঠাকুৰৰ অনুগামী হিচাপে মহানগৰীৰ ভঙাগড়স্থিত সৎসংগ বিহাৰত সঘনে লগ পাইছিল। সেই সূত্রে ভগৱান দাসে বৃহৎ ধনৰ বিনিময়ত পুত্ৰৰ বাবে ৰাকেশ পালৰ জৰিয়তে একপ্ৰকাৰ এপিএছচিৰ চাকৰি ক্ৰয় কৰিছিল। এই অভিযোগৰ পৰিপ্ৰেক্ষিততে আজি ভগৱান দাসক জেৰা কৰা হয়।

ইপিনে, জেৰা কৰা ৰাজপত্রিত বিষয়াকেইজন হ’ল অসম অসামৰিক সেৱাৰ বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত হিতেশ মজুমদাৰ, নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা আৰু সমবায় বিভাগৰ সহকাৰী পঞ্জীয়ক বিকাশ শর্মা।

হিতেশ মজুমদাৰে পৰীক্ষাত উত্তীর্ণই হোৱা নাছিল। ফলত মজুমদাৰক প্ৰশাসনিক সেৱাৰ বিষয়া কৰাৰ বাবে ৰাকেশ পালে তেওঁৰ উত্তৰবহীত অভাৱনীয়ভাৱে নম্বৰ বৃদ্ধি কৰিছিল।

উদাহৰণ স্বৰূপে সাধাৰণ জ্ঞানত ১১৫ৰ পৰা ২০৫লৈ, ইংৰাজীত ৫৯ৰ পৰা ১৬০ লৈ, সমাজতত্ত্বৰ প্ৰথম কাকতত ৮৬ৰ পৰা ১১৭লৈ আৰু দ্বিতীয় কাকতত ৪৯ৰ পৰা ১১৯লৈ নম্বৰ বৃদ্ধি কৰা হৈছিল।

উল্লেখ্য যে ৰাকেশ পালৰ ঘৰত তালাচী চলোৱাৰ সময়ত নখন টেবুলেছন শ্বীট উদ্ধাৰ হৈছিল আৰু তাৰে এখন আছিল হিতেশ মজুমদাৰৰ।

গীতাৰ্থ বৰুৱাৰো তিনিখন উত্তৰবহীৰ ভিতৰত অৰ্থনীতিৰ প্ৰথম আৰু দ্বিতীয় আৰু একাউটেন্সীত নম্বৰ বঢ়াই নিয়োগ বিষয়াৰূপে সংস্থাপিত কৰা হৈছিল। বিকাশ শৰ্মাৰ প্ৰতিখন কাকততে নম্বৰ বৃদ্ধি কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল।

ইপিনে, আজি এচ আই টিয়ে অনলজ্যোতি দাস, ধ্রুৱজ্যোতি হাতীবৰুৱা, কুলপ্রদীপ ভট্টাচার্য, বিক্রমাদিত্য বৰা, সৌৰভ প্রাণ শৰ্মা, জগদীশ ব্রহ্ম আদিকে ধৰি বক্রপথৰে চাকৰি লোৱা কে’বাজনো বিষয়াক ভাগে ভাগে তলব কৰিছে।

Exit mobile version