Commissioner of Police has issued several directives for 31st December:নৱবৰ্ষৰ প্ৰাকক্ষণত মহানগৰবাসীলৈ আৰক্ষী আয়ুক্তালয়ৰ বিশেষ নিৰ্দেশনা

৩১ডিচেম্বৰৰ বাবে কেতবোৰ নিৰ্দেশনা আৰক্ষী আয়ুক্তৰ

diganta bora

Commissioner of Police has issued several directives for 31st December:

৩১ডিচেম্বৰৰ প্ৰাকক্ষণত মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ নিৰ্দেশনা। আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

৩১ ডিচেম্বৰৰৰ দিনটোত সন্ধিয়াৰে পৰা গুৱাহাটী আৰক্ষীৰ এটা বিশেষ ভ্ৰাম্যমাণ দল সক্ৰিয় হৈ থাকিব ৷ এই সময়ছোৱাত কোনো লোকে সুৰাপান কৰি গাড়ী চলালে সুৰাপায়ী লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ।

একেদৰে সুৰাপায়ী চালকৰ অনুজ্ঞা বাতিল হোৱাৰ লগতে বাতিল হ’ব আৰ চি ৷
আনহাতে মহানগৰীৰ ৰেষ্টুৰেণ্ট আৰু ওৱাইন বাৰ সমূহত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী অনুসৰি বন্ধ কৰিব লাগিব ৷অন্যৰ্থাই বাতিল হ’ব বাৰৰ লাইচেঞ্চ ৷

এনে প্ৰেক্ষাপটত ৩১ডিচেম্বৰৰ নিশাটো সকলোৱে আনন্দ আৰু উছাহৰে উপভোগ কৰক ৷

উল্লেখ্য যে,থাৰটি ফাষ্টৰ নিশাটোত অসম আৰক্ষীৰ অসামৰিক পোছাকত টহল দিব ৷প্ৰয়োজন অনুসৰি অভিযান চলাব বাৰ- ৰেষ্টুৰেণ্ট সমূহতো ৷

Exit mobile version