Jharkhand Old Age Pension:বৃদ্ধ পেন্সনৰ বয়স ৫০ বছৰলৈ হ্ৰাসৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ !

suren

Jharkhand Old Age Pension:

ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনত বৃদ্ধ পেন্সনৰ যোগ্যতাৰ বয়স বৰ্তমানৰ ৬০ বছৰৰ পৰিৱৰ্তে ৫০ বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত ল’লে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত সোৰেনে এই কথা সদৰী কৰি জনোৱা অনুসৰি ঝাৰখণ্ডৰ পিছপৰা আৰু দৰিদ্ৰ লোকসকলক সকাহ দিবলৈ ৰাজ্য চৰকাৰখনে বৃদ্ধ পেন্সনৰ বয়সৰ সীমা ৫০ বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত ল’লে।

মুখ্যমন্ত্রীজনে লগতে কয় যে ঝাৰখণ্ডত কার্যালয় স্থাপন কৰা কোম্পানীসমূহে ৭৫ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব।

Exit mobile version