Two Hundred Diesel-Powered Guwahati buses will be closed in the city from 1st January:পহিলা জানুৱাৰীৰ পৰা মহানগৰীত বাৰণ কৰা হৈছে ডিজেল চালিত চিটিবাছ

পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনা, এক জানুৱাৰীৰ পৰা মহানগৰীত চলাব বৈদ্যুতিক চিটিবাছ, তীব্ৰ প্ৰতিক্ৰিয়া গুৱাহাটী পৰিবহন সন্থাৰ

electric bus

Two Hundred Diesel-Powered Guwahati buses will be closed in the city from 1st January:

পহিলা জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত ২০০ খন ডিজেল চালিত চিটিবাছৰ চলাচল অনিদিষ্ট কালৰ বাবে বন্ধ কৰিছে ৰাজ্যৰ পৰিবহন বিভাগে

উল্লেখ্য যে,২০১৫ ত ১৫ বছৰৰ পুৰণি চিটিবাছ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল পৰিবহন বিভাগে ৷ কিন্ত শেহতীয়াকৈ চিটিবাছ মালিক সন্থাৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে দুশ খন চিটিবাছৰ চলাচল হঠাতে বন্ধ কৰি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুৱাহাটী পৰিবহন সন্থাই

ঋণ লৈ আত্মসংস্থাপনৰ পথ বাচি লোৱা থলুৱা যুৱকৰ ওপৰত পৰিবহন বিভাগে ৰামটাঙোন সোধোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে গুৱাহাটী পৰিবহন সন্থাই ৷

মনকৰিবলগীয়া যে,ৰাজ্যৰ পৰিবহন বিভাগে দুশ খন ডিজেল চালিত চিটিবাছৰ পৰিৰ্ৱতে নতুনকৈ চৰকাৰীভাৱে বৈদ্যুতিক গ্ৰীণ চিটিবাছ চলোৱাৰ উদ্দেশ্যৰে ইতিমধ্যে গুৱাহাটীত সাজু কৰিছে সংশ্লিষ্ট দুশ বৈদ্যুতিক গ্ৰীণ চিটিবাছ ৷ পহিলা জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথ হৈ পৰিব সেউজীয়াময় ৷

Exit mobile version