Meyers is the first Woman to Earn $100 Billion in the World:বিশ্বত প্রথম ১০০ বিলিয়ন ডলাৰ অৰ্জনকাৰী মহিলা স্বীকৃত মেয়াৰ্ছ

rich women

Meyers is the first Woman to Earn $100 Billion in the World:

বিশ্বৰ শীর্ষ ধনাঢ্য ব্যক্তিৰ মাজত ১০০ বিলিয়ন ডলাৰ বা ১০ হেজাৰ কোটি ডলাৰ সম্পদৰ গৰাকী হ’ল ফ্ৰান্সৰ বিখ্যাত প্রসাধনী প্রতিষ্ঠান ল’ৰিয়েলৰ উত্তৰাধিকাৰী ব্যৱসায়ী ফ্রাংক’য়েছ বেটেনকর্ট মেয়াৰ্ছ।

উল্লেখ্য যে ১০০ বিলিয়নৰ সম্পদ অর্জন কৰা মেয়াছে হৈছে বিশ্বৰ এই পর্যন্ত প্রথম মহিলা। ৭০ বছৰ বয়সীয়া ফ্ৰান্সৰ এইগৰাকী ব্যৱসায়ী মহিলাই ব্লুমবার্গ বিলিয়নেৰ ইনডেক্সত। ১০০ বিলিয়ন ডলাৰ অতিক্রম কৰিলে।

মেয়াৰ্ছ সম্প্রতি বিশ্বৰ ১২ সংখ্যক ধনাঢ্য ব্যক্তি। যোৱা বৃহস্পতিবাৰে ব্লুমবার্গে এই তথ্য সদৰী কৰিলে। উল্লেখ্য যে ল’ৰিয়েল কোম্পানীতো মেয়াৰ্ছৰ ককাকে প্রতিষ্ঠা কৰিছিল।

সম্প্রতি মেয়াৰ্ছে ল’ৰিয়েলৰ ব’ৰ্ডৰ উপ -সভাপতি হিচাপে কার্যনির্বাহ কৰিছে। মেয়াৰ্ছ আৰু তেওঁৰ পৰিয়ালৰ সদস্য ল’বিয়েলৰ ৩৫ শতাংশ শেয়াৰ ধাৰক। ২০১৭ বৰ্ষত মাতৃ লিলিয়ান বেটেনক ৰ্টৰ মৃত্যুৰ পাছত ল’ৰিয়েলৰ উত্তৰাধিকাৰী নিৰ্বাচিত হৈছিল মেয়াৰ্ছ।

Exit mobile version