BMI Tests Will Resume Today: আজিৰ পৰা পুনৰ আৰম্ভ অসম আৰক্ষীৰ বি এম আই টেষ্ট !

আগষ্টত অনুত্তীর্ণ হোৱা আৰক্ষীৰ বাবে পুনৰ এম আই টেষ্ট

bmi

BMI Tests Will Resume Today:

আজিৰ পৰা অসম আৰক্ষীত পুনৰ আৰম্ভ হৈছে বি এম আই টেষ্ট ৷ উল্লেখ্য যে,বিগতবৰ্ষৰ আগষ্টত অনুষ্ঠিত হোৱা বি এম আই টেষ্টত যিসকল আৰক্ষী উত্তীর্ণত ব্যৰ্থ হ’ল সেই সকলৰ বাবে আজি অনুষ্ঠিত হৈছে বি এম আই টেষ্ট ৷

মনকৰিবলগীয়া যে, বিএম আই টেষ্টত ব্যৰ্থ হৈছিল ১,৮৮৪ গৰাকী আৰক্ষী ৷ আজিৰ পৰা ছয় জানুৱাৰীলৈ গুৱাহাটী ,যোৰহাট আৰু শিলচৰত আৰম্ভ হৈছে বিএম আই টেষ্ট ৷

মহানগৰীৰ কাহিলাপাৰাস্থ অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়ন ১১০০ আৰক্ষীয়ে দিব বিএম আই টেষ্ট ৷ বি এম আই টেষ্টৰ শাৰিৰীক গঠনৰ ক্ষেত্ৰত ৩০ শতাংশ নাথাকিলে অনুত্তীর্ণ ঘোষিত হ’ব ৷

এনে প্ৰেক্ষাপটত আজিৰ বিএম আই টেষ্টত অনুত্তীর্ণ হ’লেই চাকৰি যোৱাটো নিশ্চিত ৷

Exit mobile version