Japan Airlines Plane in flames after Collision on Runway:জাপানত ভয়ংকৰ বিমান দুৰ্ঘটনা !

ৰাণৱেত অৱতৰণৰ পাছত দুখন জাপানী এয়াৰলাইন্সৰ মাজত মুখামুখি সংঘৰ্ষ, জুইত ভস্মীভূত যাত্ৰীবাহী বিমান, পাইলটৰ তৎপৰতাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৩৭৯ যাত্ৰী, ক’ষ্ট গাৰ্ডৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ছয়জন আৰোহীৰ পাঁচজনৰে মৃত্যু ,পাইলটৰ পলায়ন

japan 1

Japan Airlines Plane in flames after Collision on Runway:

মঙলবাৰে টকিঅ’ৰ হানেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা ৷ যাত্ৰীবাহী বিমান এখন অৱতৰণৰ সময়ত আন এখন বিমানৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এখন যাত্ৰীবাহী জেট জুইৰ লেলিহান শিখাই আৱৰি ধৰে।

উল্লেখ্য যে,জাপান এয়াৰলাইন্সৰ এখন বিমান ৰাণৱেৰ তললৈ ছিটিকি গৈ সম্পূৰ্ণৰূপে জুইত জাহ যায় । জাপানৰ ক’ষ্ট গাৰ্ডৰ বিমান এখনৰে সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ।

স্মতৰ্ৱ্য যে, জাপানী এয়াৰলাইন্সৰ ৫১৬ নং বিমানখনত ১২ জন ক্ৰুকে ধৰি ৩৭৯ জন যাত্ৰী আছিল। সকলোকে নিৰাপদে উদ্ধাৰ কৰা হয় ।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ক’ষ্ট গাৰ্ডৰ বিমানখনৰ ক্ৰুৰ স্থান নিৰ্ণয় কৰা হৈছিল যদিও তেওঁলোকৰ অৱস্থাৰ বিষয়ে তৎক্ষণাত জানিব পৰা হোৱা নাছিল।

মনকৰিবলগীয়া যে,ক’ষ্ট গাৰ্ডৰ বিমানখনৰ ছয়জন ক্ৰুৰ ভিতৰত ৫ জনৰ মৃত্যু হৈছে। ক’ষ্ট গাৰ্ডৰ এগৰাকী মুখপাত্ৰই কয় যে ক্ৰুৰ পাঁচজনৰ হিচাপ নাই যদিও কেপ্তেইনজন পলায়ন কৰিছে।

দুৰ্ঘটনাৰ দৃশ্য আৰু ফটোত দেখা গৈছে যে জাপানী বিমানখন সম্পূৰ্ণৰূপে জুইৰ শিখাই আগুৰি ধৰিছে আৰু জেট বিমানখনৰ খিৰিকীৰে জুই আৰু ধোঁৱা ওলাই থকা দেখা গৈছিল।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি জে এ এলৰ ৫১৬ নং বিমানখন এয়াৰবাছ এ-৩৫০ যাত্ৰীবাহী জেট আছিল আৰু জাপানৰ শ্বিন চিটোছ বিমানবন্দৰৰ পৰা উৰা মাৰি দেশখনৰ অন্যতম সদাব্যস্ত বিমানবন্দৰ টকিঅ’ৰ হানেডাত অৱতৰণ কৰিব লওতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ।

শেহতীয়া খবৰ অনুসৰি,এই দুৰ্ঘটনাৰ পাছতে হানেডা বিমানবন্দৰৰ ৰাণৱেৰ সকলো কাম-কাজ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ৷

Exit mobile version