Dergaon Balijan Terrible Accident Update:হৃদয়বিদাৰক ঘটনাৰ পাছতেই বনভোজকাৰী দললৈ এছ অ পি জাৰি অসম আৰক্ষীৰ

সূৰ্যৰ পোহৰ পৰাৰ পিছত বনভোজলৈ যাওঁক, কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাতে পিকনিকলৈ যাব নালাগে: মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা

accident update 1

Dergaon Balijan Terrible Accident Update:

বুধবাৰে কাহিলীপুৱাতে দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৃদয়বিদাৰক ঘটনাই ব্যথিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক।

শোকাৱহ দুৰ্ঘটনাটিত মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোকসকল হ’ল ,অনিমা শইকীয়া, দিপালী শইকীয়া, নৱজিৎ শইকীয়া, পিংকী শইকীয়া, ৰিংকি বৰা, ১০ বছৰীয়া নিহাৰিকা শইকীয়া, ১৩ বছৰীয়া শুভাংকৰ শইকীয়া, নিত্যানন্দ বৰা, প্ৰিন্সিপ্ৰিয়া বৰা, চিত্ৰা বৰা, মৃদুল বৰা(বাছৰ চালক) আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ চালক নুৰ আলম ।

আনহাতে এই ঘটনাৰ পাছতেই এতিয়া গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁওখনত এতিয়া কেৱল কান্দোনৰ ৰোল ৷ সকলো গঞা কান্দি উঠিছে । নিকট আত্মীয়ক হেৰুৱাই গাঁওখনৰে কে’বাজনো গঞাই কয়,এইয়া এক মৰ্মান্তিক দুৰ্ঘটনা ৷ আমাৰ ভাষা হেৰাই গৈছে ৷ এটা পৰিয়ালৰ পাঁচজনৰে মৃত্যু হোৱাৰ বিপৰীতে আন এটা পৰিয়ালৰ পৰিয়ালৰ ছজন গৈছিল তাৰে চাৰিজনৰে প্ৰাণ গ’ল ৷

ইপিনে অভিশপ্ত বাছখনত আৰোহী হিচাপে গৈ দৈব্যক্ৰমে ৰক্ষা পৰা লক্ষী বৰা নামৰ যুৱকজনে শিহৰণকাৰী বৰ্ণনা দাঙি ধৰি কয় ফুৰ্তিত যাত্ৰা কৰি আছিলো সকলো। হাঁহি-আনন্দেৰে উঠিছিলো বাছত । পিকনিক খাম টিলিঙা মন্দিৰলৈ যাম। কিন্তু নিষ্ঠুৰ নিয়তি পৰিহাস ৷পলকতে সকলো শেষ ৷ ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছতে মই খিৰিকীৰ আইনা ভাঙি ওলাই আহিছিলোঁ।’ হঠাৎ এটা প্ৰচণ্ড শব্দ আৰু তাৰপিছতেই চূৰ্ণবিচূৰ্ণ হৈ পৰা বাছখনৰ ভিতৰত কেৱল কান্দোন আৰু কান্দোন।

আনহাতে ভয়াৱহ দুৰ্ঘটনা সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তই কয় , ইতিমধ্যে, দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সেই অনুসৰি তদন্তকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত । কি কাৰণে আৰু কাৰ গাফিলতিৰ বাবে এই হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল ৷ সকলো বিষয় তদন্তৰ পাছত পোহৰলৈ আহিব ৷

ইপিনে,একাংশ লোকে এই দুৰ্ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিছে চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটটোক ৷ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণকাৰ্য চলি থকা এই সময়ছোৱাত সময়ে সময়ে সলনি হয় নিয়ম ।

আনকি পথ নিৰ্দেশনা ফলক সমূহো সলনি হয় সঘনাই ৷ এই ঘটনাৰ সময়ত ৱান ৱে কৰা সন্দৰ্ভত মাত্ৰ এখন টিনপাতত নামমাত্ৰ কাৰ চিনৰ চিহ্ন এডাল দিয়া দেখা গৈছিল ৷ইতিমধ্যে আৰক্ষী টিনপাতত লিখা এই ফলক খন জব্দ কৰিছে ৷ গুৱাহাটীত পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ হুংকাৰ দিয়ে ৷

আনহাতে দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতেই বনভোজকাৰী দললৈ এছ অ পি(SOP) জাৰি কৰিলে অসম আৰক্ষীয়ে।

একেদৰে ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে পাহাৰীয়া জিলা খনলৈ যোৱা অৱস্থাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বনভোজকাৰী দললৈ কাতৰ আহ্বান– কুঁৱলীৰ সময়ত গাড়ী নচলাব। সূৰ্যৰ পোহৰ পৰাৰ পিছত বনভোজলৈ যাওঁক ৷ কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাতে পিকনিকলৈ যাব নালাগে ৷

Exit mobile version