Dergaon Terrible Accident :নতুনবৰ্ষৰ প্ৰথম সপ্তাহটোতে মৰ্মান্তিক ঘটনা

দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ'ল পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল, থিতাতে কৰুণ মৃত্যু তিনি শিশু সহ ১২জনৰ,আহত ৩৩

dergaon accident 1

Dergaon Terrible Accident :

ইংৰাজী নতুনবৰ্ষটোৰ প্ৰথম সপ্তাহতে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম ৷ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্যেৰে গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা গৈছিল শিশু সহ ৪৫ জনীয়া এটা দল।

কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত তীৰ্থযাত্ৰী যোৱা আল্টা বাছ খনৰ তিনি শিশু সহ ১২ জনৰ কৰুণ মৃত্যু ঘটে ৷

বুধবাৰে কাহিলীপুৱাতে দেৰগাঁৱৰ বালিজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই ব্যথিত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। ৪৫ যাত্ৰী কঢ়িয়াই নিয়া বাছ খনৰ ৰ স’তে যোৰহাটৰ পৰা আহি থকা এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে
সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷

ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ আহত সকলক দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ইতিমধ্যে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোকসকলৰ মৃতদেহ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত এক কৰুণ পৰিবেশৰ সৃষ্টি হয় ৷ সন্দেহ কৰা মতে ডাঠ কুঁৱলীৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হৈছে ৷

উল্লেখ্য যে,আঠখেলীয়া ভৰলুৱা গাঁৱত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷দেৰগাঁৱৰ ৰাজপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হ’ল ভৰলুৱা গাঁৱৰ একেটা চুবুৰীৰে পাঁচজনীয়া আৰু চাৰিজনীয়া দুটা পৰিয়াল ৷

আনহাতে স্থানীয় লোকে উল্লেখ কৰা মতে কয়লাভৰ্তি ট্ৰাক খনে তীব্ৰগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি ৰাজপথৰ কাষৰ খাৱৈত বাগৰি পৰে । আনহাতে ট্ৰাকৰ খুন্দাত অভিশপ্ত বাছখনৰ এটাফাল সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷

পুৱাতে সংঘটিত ঘটনাটোত থিতাতে দহজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনক যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ পথতে মৃত্যু ঘটে ৷  জেএমচিএইছত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০ জন ৷ আংশিকভাবে আঘাত পোৱা তিনিজনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছে ৷

আনহাতে চিকিৎসালয়ত মৃত আৰু আহতৰ আত্মীয় ভীৰ কৰাত পৰিবেশ অতি শোকাকুল হৈ পৰিছে ৷ গোলাঘাট আৰু যোৰহাটৰ জিলা আয়ুক্তই জেএমচিএইছত উপস্থিত হৈ আহত সকলৰ অৱস্থাৰ বুজ লৈ তদাৰক কৰিছে ৷

আনপিনে আহত সকলৰ বহুতৰে আঘাত গুৰুত্বৰ হোৱাত জৰুৰীকালীন অক্সোপ্ৰচাৰ কৰিব লগা হোৱাৰ বাবে যথেষ্ট পৰিমাণৰ তেজৰ প্ৰয়োজন হৈছে ৷ এই প্ৰয়োজন পূৰ কৰিবৰ বাবে যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহু সদস্যই তেজদান কৰিবৰ বাবে ভীৰ কৰিছে জেএমচিএইছত ৷

দুৰ্ঘটনাত মৃত্যু হোৱা লোক সকলৰ একাংশৰ নাম আহি পৰিছে ৷ মৃত লোকসকলৰ নাম ক্ৰমে পিংকী শইকীয়া, ৰিংকী বৰা, অনিমা শইকীয়া, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, দীপালী শইকীয়া, নৱজিৎ শইকীয়া, ট্ৰাক চালক নুৰ আলম।

উল্লেখ্য যে,দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু হোৱা সদস্য সকল হ’ল অনিমা শইকীয়া (৬০), দীপালী শইকীয়া (৩৭),পিংকী শইকীয়া (৪৮), শুভংকৰ শইকীয়া (১৩) আৰু ৷নীহাৰিকা শইকীয়া (১০)

আনহাতে দুৰ্ঘটনাত আহত সকল হ’ল ক্ৰমে নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্রাচুর্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩),কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুর্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭),কুলুমণি শইকীয়া (৩৪), চিত্রলেখা বৰা (২৬),বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭) , বিতোপন বৰা (২৪), অর্চনা শইকীয়া (৪১), প্রীতি শইকীয়া (৭), অভিজিৎ বৰা (৬) ৷

দেৰগাঁওত সংঘটিত শোকাৱহ দুৰ্ঘটনাত দুখ প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | প্ৰধানমন্ত্ৰীয়ে টুইট কৰি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এক শোকবাৰ্তাত দুৰ্ঘটনাত নিহত সকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই আৰু আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰীয়ে নিহত সকলৰ নিকট আত্মীয়লৈ দুই লাখ টকা আৰু আহত সকলৰ বাবে ৫০ হেজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াই ৷ ইপিনে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভয়াৱহ দুৰ্ঘটনা সংঘটিতস্থলীলৈ যায় পৰিস্থিতি তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক

আনহাতে গুৱাহাটীত পৰিবহন মন্ত্ৰী পৰিমল শুল্ক বৈদ্যই সাংবিদকৰ আগতে দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,এই কৰুণ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছো ৷

এই ভয়ংকৰ দুৰ্ঘটনাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে ৷ আৰু ঘটনাস্থলী পৰিদৰ্শন কৰিবৰ বাবে পৰিবহন আয়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ মন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ৰাষ্ট্ৰীয় ঘাই পথটো নিৰ্মাণত অথথা পলম কৰাৰ বাবে নিৰ্মাণৰ দায়িত্বত থকা কনষ্ট্ৰাকশ্বন প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে গোচৰ তৰাৰ হুংকাৰ দিয়ে ৷

শেহতীয়া খবৰ অনুসৰি নিহত সকলৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইটোৰ পাছত সিটোকৈ মৃত লোকৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে ৷

আঠখেলীয়া ভৰলুৱা গাঁৱৰ বচাগাঁৱৰ চৰণীয়া পথাৰত ৰাজহুৱাভাবে মৃত লোকসকলৰ নশ্বৰদেহ ৰাজহুৱাকৈ সৎকাৰ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গোলাঘাট জিলা প্ৰশাসনে ৷ ইতিমধ্যে জিলা আয়ুক্ত ড: পি উদয় প্রবীণ আৰু গোলাঘাট জিলা প্রশাসনৰ এটা দলে স্থান পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

মনকৰিবলগীয়া যে,দুৰ্ঘটনা পতিত অভিশপ্ত বাছখনৰ বীমাৰ ম্যাদ যোৱাবৰ্ষৰ ১ এপ্ৰিলতে ম্যাদ উকলিছে বুলি জানিব পৰা গৈছে ৷ একেদৰে বাছখনৰ ফিটনেছৰ বিসংগতি পূৰ্ণ আছিল ৷

Exit mobile version