Dergaon Visit Atul Bora:বচা ভৰলুৱা গাঁৱৰ মৃতকৰ পৰিয়ালৰ কাষত মন্ত্ৰী অতুল বৰা

atul bora 1

Dergaon Visit Atul Bora:

দেশ জোকাৰি যোৱা গোলাঘাট বালিজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে-লগে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আজি বচা ভৰলুৱা গাঁৱত মৃতকৰ পৰিয়ালৰ কাষত উপস্থিত হয় । তেওঁ মৃতকৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল সমূহক গভীৰ সমবেদনা জনায় ।

এনে মৰ্মান্তিক ঘটনা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আৰু অতি হৃদয়বিদাৰক বুলি তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটো বিশেষ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি পৰিয়াল সমূহক চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।

Exit mobile version