Arvind Kejriwal Rejects ED Summons:সঘনাই ইডিৰ চমন প্ৰত্যাখ্যান অৰবিন্দ কেজৰিৱালৰ

তৃতীয়বাৰৰ বাবে ইডিৰ চমন উপেক্ষা দিল্লীৰ মুখ্যমন্ত্ৰীৰ, যিকোনো মুহূর্ততে গ্রেপ্তাৰ হ'ব পাৰে অৰবিন্দ কেজৰিৱাল, তৃতীয়বাৰৰ চমনৰ পাছতে ইডিলৈ প্ৰশ্ন লিখি পঠাবলৈ ক'লে কেজৰিৱালে, সেই প্ৰশ্নৰ লিখিত উত্তৰ দিয়াৰ কথা সদৰি কেজৰিয়ালৰ

bhaben

Arvind Kejriwal Rejects ED Summons:

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰৰ আশংকা প্ৰকট হৈ পৰিছে ৷ ইতিমধ্যে এই আশংকা ব্যক্ত কৰিছে আপৰ জ্যেষ্ঠ নেত্ৰী অতিশী আৰু সৌৰভ ভৰদ্বাজে ৷

উল্লেখ্য যে,আপৰ মুৰব্বী জনক ইতিপূৰ্বে ইডিয়ে বাৰম্বাৰ চমন দিয়াৰ পাছতো বাৰেপতি প্ৰত্যাখ্যান কৰি আহিছিল ৷

শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে বুধবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ চমন দিয়া হয় কেজৰিয়াললৈ ৷ কিন্ত এইবাৰো চমন উপেক্ষা কৰি বৰং ওলোতাই ইডিলৈ প্ৰশ্ন লিখি পঠাবলৈ কৈ সেই প্ৰশ্নৰ লিখিত উত্তৰ দিয়াৰ কথা সদৰি কেজৰিয়ালৰ ৷

Exit mobile version