Counterfeit Note Smuggler Arrested in Samaguri:কুখ্যাত জালনোট সৰবৰাহকাৰী আটক চামগুৰিত

আৰক্ষীয়ে খেদি খেদি ধৰিলে সৰবৰাহকাৰীক, জব্দ ৭৬,৫০০ টকাৰ জালনোট

samaguri

Counterfeit Note Smuggler Arrested in Samaguri:

ৰাজ্যত শেহতীয়া গা কৰি উঠিছে জালনোটৰ চক্ৰ ৷ লখিমপুৰৰ নাওবৈছা পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ জালনোট সৰবৰাহকাৰী চক্ৰই বৃহৎ ৰেকেট গঢ়ি তুলিছে ৷ ইতিমধ্যে এই চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে কে’বাটাও দুৰ্ধৰ্ষ জাল নোটৰ সৰবৰাহকাৰীক ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ চামগুৰিত ৰঙাগড়াৰ আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় নকল নোটৰ সৰবৰাহকাৰীৰ এটা চক্ৰক।

উল্লেখ্য যে, চামগুৰিত নকল নোট আৰু সোণৰ সৰবৰাহকাৰী চক্ৰ এটাই বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীৰ অপৰাধা শাখাই ৷

গোপন খবৰৰ ভিত্তিত লাভ কৰা সুত্ৰ অনুসৰি আৰক্ষীয়ে অৰ্তকিতে ৰঙাগড়াৰ পথৰ মাজতে আগচি ধৰে এখন আৰ্টিগা বাহন ৷ বাহন খনত তালাচি চলাই দুজন জাল নোট সৰবৰাহকাৰীক ৭৫ হেজাৰ পাঁচশ নকল নোট সহ আটক কৰে । লগতে জব্দ কৰে জাল নোট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণ কাগজৰ ৰীম ৷

আটকাধীন জাল নোট সৰবৰাহকাৰী দুটা চামগুৰি-কৰৈগুড়িৰ চাহেব উদ্দিন আৰু জহিৰুল ইছলাম ৷ আৰক্ষীয়ে জব্দ কৰে এ এছ ০১ ই এম ৪৮৯১ নম্বৰৰ আৰ্টিগা বাহনখনো ৷
ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰী দুটাক ৷

Exit mobile version