State Government will send a proposal to the Center for Sixth Schedule status of the Constitution of India:মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা !

ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদাৰ প্ৰস্তাৱ

ranoj pegu

State Government will send a proposal to the Center for Sixth Schedule status of the Constitution of India:

ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং সকলৰ মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ দাবীত জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনে অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ একেদৰে মিছিং ছাত্ৰ সন্থায়েও বিভিন্ন সময়ত অহৰহ আন্দোলন কৰিছিল ৷

মিছিং ছাত্ৰ সন্থা সহ ৰাভা হাছং আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰো জাতীয় সংগঠনৰ ধাৰাবাহিক আন্দোলনৰ প্ৰতি সহাৰী জনাই মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্রী ডঃ ৰণোজ পেগুক অধ্যক্ষ হিচাপে লৈ মিচিং, ৰাভা হাছং আৰু তিৱা স্বায়ত্বশাসিত পৰিষদ অঞ্চলক ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্রদান ক্ষেত্ৰত এখন কেবিনেট উপ- সমিতি গঠন কৰি দিছিল ।

শেহতীয়াকৈ ডা:ৰণোজ পেগু নেতৃত্বাধীন কেবিনেট উপ সমিতিৰ ওচৰত ইতিমধ্যেই মিচিং বানে কেবাঙে,টিএমপিকে,এমএমকেই মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদান কৰিবলৈ কে’বাটাও মডেল সনিবিষ্ট স্মাৰক পত্র দাখিল কৰিছিল।

ইয়াৰ পাছতে শেহতীয়াকৈ তৎপৰ হৈ পৰে কেবিনেট উপ -সমিতি ৷ ইতিমধ্যে সমিতিয়ে বিভিন্ন দিশ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ পাছত এইবাৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত মিচিং স্বায়ত্বশাসিত পৰিষদক অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

কেবিনেট উপ- সমিতিৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্য চৰকাৰে উপ- সমিতিৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব।

Exit mobile version