Brutal Murder In Lakhimpur:লখিমপুৰৰ লোমহৰ্ষক হত্যাকাণ্ড ,পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পুত্ৰৰ

murder

Brutal Murder In Lakhimpur:

পিতৃৰ নৃশংসতাৰ বলী পুত্ৰ ৷ পিতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল পুত্ৰৰ ৷ আনহাতে পুত্ৰক হত্যা কৰি পিতৃয়েও লয় আত্মহত্যাৰ দৰে চৰম পন্থা। এই লোমহৰ্ষক ঘটনা সংঘটিত হয় লখিমপুৰৰ ২নং শেনচোৱা গাঁৱত ৷ আৰ্থিক অনাতন আৰু পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত এই ঘটনা ৷

প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰৰ দুই নং শেনচোৱাৰ অম্বুৰাম সোণোৱাল নামৰ লোকজনে নিজ পুত্ৰ প্ৰশান্তৰ আজি পুৱাতে কিবা বিষয়ক লৈ দুয়োৰে মাজত দুৰ্বাদল কাজিয়া লাগে ৷

পাছত হিতাহিত হেৰুৱাই অম্বুৰাম সোণোৱালে দাৰে পুত্ৰক উপযুপৰি ঘপিয়াই ৷ফলত থিতাতে মৃত্যু হয় প্ৰশান্তৰ ৷ আনহাতে পুত্ৰক নৃশংসভাবে হত্যা কৰি সোণোৱালে চিপ লৈ আত্মহত্যা কৰে ৷

ইতিমধ্যে এই হ্নদয়বিদাৰক ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে পিতা-পুত্ৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

এই ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ ২নং শেনচোৱা গাঁৱত ৷

Exit mobile version