P&R Minister Piyush Hazarika Has Expressed Condolences Over the Passing Away of Veteran Journalist Jadu Kakati:প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক প্ৰকাশ

jadu kakati new

P&R Minister Pijush Hazarika Has Expressed Condolences Over the Passing Away of Veteran Journalist Jadu Kakati:

প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰিছে ।

প্ৰয়াত কাকতিৰ ৬০ ৰ দশকৰ পৰা সংবাদ জগতত নিজৰ সেৱা আৰম্ভ কৰি ৰাজ্যখনৰ সংবাদ ক্ষেত্ৰ খনক সমৃদ্ধ কৰি থৈ গৈছে বুলি উল্লেখ কৰি জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ বিয়োগ আমাৰ বাবে এক অপূৰণীয় ক্ষতি ।

মন্ত্ৰী হাজৰীকাই প্ৰয়াত কাকতিৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছে ।

Exit mobile version