15 Fake Pharmacies Sealed in Mayang Hasna Bazar:ভুৱা ফাৰ্মাচিৰ বিৰুদ্ধে এছপিৰ অভিযান

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ছীল ১৫ খন ভুৱা ফাৰ্মাচি

mayang

15 Fake Pharmacies Sealed in Mayang Hasna Bazar:

ৰাজ্যৰ কেতবোৰ গ্ৰামাঞ্চল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত কাঠ ফুলাৰ দৰে অলিয়েগলিয়ে গঢ়ি উঠিছে একাংশ ফাৰ্মাচী ৷ ৰাইজৰ জীৱনক লৈ হেতালি খেলা এই অবৈধ দৰৱৰ দোকান সমূহক নিয়ন্ত্ৰণ বা বন্ধ কৰাৰ ক্ষেত্ৰত ঔষধ পৰিদৰ্শকৰ চৰম ব্যৰ্থতাই অশনি সংকেত কঢ়িয়াই আনিছে সংশ্লিষ্ট অঞ্চললৈ ৷

ঔষধ পৰিদৰ্শকৰ চৰম হেমাহি আৰু চৰজমিন পৰিদৰ্শন নকৰাৰ বাবে এতিয়া ভিতৰুৱা গ্ৰামাঞ্চলত মাতাব্বৰী ৰূপ ধাৰণ কৰিছে অবৈধ ফাৰ্মাচী সমূহে ৷

কিন্ত শেহতীয়াকৈ আৰক্ষীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

মৰিগাঁৱৰ মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীয়ে অৰ্তকিতে এক অভিযান চলাই ছীল কৰে ১৫ খনকৈ ভুৱা ফাৰ্মাচি।

অনুজ্ঞাপত্ৰবিহীনভাৱে ঔষধৰ বিক্ৰী কৰি থকাৰ অভিযোগত দোকান কেইখন ছীল কৰে আৰক্ষীয়ে।

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি সংশ্লিষ্ট অঞ্চলত চলাই আহিছিল অবৈধ ফাৰ্মাচী কেইখন ৷ আনহাতে,আৰক্ষীৰ স’তে যোৱা ঔষধ পৰিদৰ্শকে ছীল কৰা আটাইকেইখন ভুৱা ফাৰ্মাচীৰ কেতবোৰ সন্দেহজনক নথিপত্ৰও জব্দ কৰে ।

উল্লেখ্য যে,আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব লয় জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ৷

Exit mobile version