Guwahati Firing: মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা

পথ পাৰ্কিঙক লৈ দুই পক্ষৰ সংঘাতৰ মাজতে গুলীচালনা যুৱকৰ, আটক এজন,ডাবল বেৰেল বন্দুক জব্দ

chanmari police

Guwahati Firing:

মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা ৷পথত পাৰ্কিং কৰি থোৱা গাড়ী আঁতৰাই দিবলৈ কোৱাক লৈদুই পক্ষৰ মাজত সৃষ্টি হয় কাজিয়াৰ ৷ এই কাজিয়াৰ মাজতে এজন যুৱকে গুলীচালনা কৰাৰ অভিযোগ উদ্থাপিত হয় ৷

সোমবাৰে সংঘটিত ঘটনাটো আজিহে পোহৰলৈ অহাৰ পাছতে ইতিমধ্যে চানমাৰি আৰক্ষীয়ে আটক কৰে গুলীচালনা কৰা ছিদ্দিক আহমেদ নামৰ যুৱকজনক ৷ লগতে তেওঁৰ ডাবল বেৰেল বন্দুকসহ পাঁচজাই সক্ৰিয় গুলী ৷

ঘটনাৰ সবিশেষ খবৰ অনুসৰি,সোমবাৰে নিশা মহানগৰীৰ নিজৰাপাৰাত ২-৩০ মান বজাত দুগৰাকী যুৱক আৰু এগৰাকী যুৱতীয়ে এখন চাৰিচকীয়া বাহনৰে নিজৰ ফ্লেটলৈ গৈ থকা পথত কে’বাজনো যুৱক উঠি থকা এখন বাহন পথৰ ওপৰত পাকিং কৰা দেখা পায় ৷

পথৰ ওপৰত থকা বাবে যুৱতী সহ যুৱক তিনিজন আগবাঢ়ি যাব পৰা নাছিল ৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হয় ৷ আনহাতে কাজিয়াৰ মাজতে ছিদ্দিক আহমেদ নামৰ যুৱকজনে দৌৰি গৈ নিজৰ ঘৰৰ ভিতৰৰ পৰা দুনলীয়া বন্দুক এটা আনি শূন্যলৈ গুলীচালনা কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ অৱশ্যে পাছত এই হুলস্থূল শুনি স্থানীয় লোক ওলাই আহি কাজিয়া উপসম কৰিবলৈ চেষ্টা কৰে ৷

আনহাতে আজি সমস্ত ঘটনা সন্দৰ্ভত যুৱতী সহ আন দুই যুৱকে চানমাৰি থানাত গোচৰ তৰে ৷ এই গোচৰৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে ছিদ্দিক আহমেদ নামৰ যুৱক জনক নিজৰাপাৰাৰ বাসগৃহৰ পৰা আটক কৰাৰ লগতে দুনলীয়া বন্দুক আৰু পাঁচ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰে ৷

Exit mobile version