Bjp Programme Announced BY Cm:বিহুৰ পিছত বিজেপিৰ মাৰাথন কাৰ্যসূচী

১৮ জানুৱাৰীৰ পৰা এসপ্তাহৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যসূচী প্ৰকাশ, সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে

cm pressmeet

Bjp Programme Announced BY Cm:

বিহুৰ পিছতে অসম প্ৰদেশ বিজেপিয়ে ১৮ জানুৱাৰীৰ পৰা সপ্তাহযোৰা এক বিশেষ কাৰ্যসূচী ঘোষণা কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ সেই অনুসৰি ১৮, ১৯, ২০, ২১ জানুৱাৰীত হ’ব স্বচ্চ তীৰ্থ উৎসৱ ৷

২২ জানুৱাৰীত ধৰ্মীয় স্থানত উপাসনা কৰিব নেতৃত্বই। একেদৰে এই দিনতোতে ৰাজ্যৰ আই মাতৃসকলে ধৰ্মীয় স্থানত আগবঢ়াব শৰাই।

আনহাতে ২৫ জানুৱাৰীত ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে ১০০০ কৈ বাইক ৰেলী হ’ব ৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই কথা স্পষ্ট কৰি কয়,ৰেলীত প্রত্যেকে আৰোহীয়ে পিন্ধিব লাগিব হেলমেট ৷ যোৰহাটৰ বাইক ৰেলীত মুখ্যমন্ত্ৰীয়ে নিজেই উপস্থিত থাকিব বুলি সদৰি কৰে ৷

ইপিনে,২১, ২২ জানুৱাৰীত ৰাজ্যৰ বজাৰসমূহত আলোকসজ্জা আলোকিত কৰা হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় , ইতিমধ্যেই ২২ জানুৱাৰীত সমগ্ৰ ৰাজ্যত ড্ৰাই ঘোষণা কৰিছে চৰকাৰে।

আনহাতে ১৫ ফ্ৰেব্ৰুৱাৰীৰৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত আৰম্ভ হ’ব বিকাশৰ পষেক নামৰ এক ব্যতিক্ৰমী কাৰ্যসুচী।

উল্লেখযোগ্য , কংগ্ৰেছৰ শীৰ্ষনেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা’ই মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ১৮ জানুৱাৰীত ৷ ৰাহুলৰ এই যাত্ৰাৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিয়ে উল্লিখিত দিনটোৰ পৰা সপ্তাহজোৰা এক কাৰ্যসূচী হাতত লয় ৷

Exit mobile version