Bodies of Two Children were Found at Lachit Ghat:মহানগৰীৰ লাচিত ঘাটত উদ্ধাৰ দুটাকৈ  শিশুৰ মৃতদেহ !

গাতত পুতিবলৈ চেষ্টা কোনো লোকৰ

ganeshghat

Bodies of Two Children were Found at Lachit Ghat:

মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বাকৰি লাচিত ঘাটত উদ্ধাৰ দুটাকৈ শিশুৰ মৃতদেহ । সন্দেহ কৰা মতে, বৃহস্পতিবাৰে নিশা কোনো লোকে ৫-৬ মহীয়া শিশু দুটিৰ মৃতদেহ বালিচাপৰিৰ গাঁতত পুতিবলৈ চেষ্টা কৰিছিল যদিও লোকচক্ষুৰ দৃষ্টিত পৰাৰ ভয়ত গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় কাৰ্টুনত ৷

পিছত কাগজ বুটলা কিশোৰ এটিয়ে কাৰ্টুনটো ল’বলৈ গৈ ভিতৰত শিশুৰ শদেহ দেখি চিঞৰি উঠে ৷ মৃত শিশুদুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে।

পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ভৰলুমুখ আৰক্ষী উপস্থিত হৈ  শিশুৰ মৃতদেহ দুটি মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ আৰক্ষীৰ সন্দেহ যোৱাকালিয়ে দিনৰ ভাগতে কণমানি দুটিক হত্যা কৰি পেলাই থৈ গৈছে কোনো দুস্কৃতিকাৰীয়ে ৷

Exit mobile version