India International Puppet Festival In Guwahati: গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱৰ কাৰ্যসূচী

India International Puppet Festival In Guwahati:

গুৱাহাটীৰ পামহীস্থিত পাৰিজাত একাডেমীত আজি ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আন্তৰ্জাতিক কলা আৰু সাংস্কৃতিক ফাউণ্ডেশ্যন, বাংগালুৰুৰ এটা ব্যতিক্ৰমধৰ্মী সংস্থাই লুপ্ত হোৱা লোক-কলা সমূহক প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত গুৰুত্ব প্ৰদানেৰে উৎসৱসমূহ সমগ্ৰ ভাৰতত অনুষ্ঠিত কৰি আহিছে।

তাৰ পৰিপ্ৰেক্ষিতত আজি স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি পাৰিজাত একাডেমীত পুতলা নাচৰ মাজেৰে মুকাক পাপেট থিয়েটাৰৰ জৰিয়তে সীমান্ত শৰ্মাৰ পৰিচালনাত ‘তেজীমলা নাটক প্ৰদৰ্শন কৰা হয়। বিদ্যালয়ত অনুষ্ঠিত পুতলা নাচৰ অনুষ্ঠানত উপস্থিত থাকে আইএচিএফৰ সঞ্চালক প্ৰধান শ্ৰীবৎস শণ্ডিল্য।

পুতলা শিল্পৰ মনোমোহা কলাৰ জৰিয়তে আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ প্ৰশিক্ষনৰত এটা দলে তেজমীলা নাটৰ উপৰিও বিষ্ণু প্ৰসাদ ৰাভাৰ কালজয়ী বহুকেইটা গীত পুতলা নাচৰ জৰিয়তে প্ৰদৰ্শন কৰে।পুতলা নাচ অনুষ্ঠান উপভোগ কৰি শিক্ষাৰ্থী সকল অভিভূত হৈ পৰে ।

Exit mobile version