Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী 

অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কত  কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সংবাদমেল 

pressmeet

Bodo Sahitya Sabha:

বড়ো সাহিত্য সভাৰ জড়িয়তে কেৱল বড়োসকলৰ কথা চিন্তা কৰা নহয়। বড়ো সাহিত্য সভাৰ মাধ্যমেৰে অসমলৈ এটা বাৰ্তা দিব বিচাৰিম যে, বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে একেলগে থাকো,কাম কৰো,বিপদত সকলোৱে সকলোকে সহায় সহযোগ আগবঢ়াই এই ভাষ্য কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত কান্ত গয়াৰীৰ।

ADVERTISEMENT

এক কোটি ৭০লাখ টকা ব্যয় সাপেক্ষে বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় বড়ো সাহিত্য সভা’ৰ ৬৩ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘সমন্বয় ক্ষেত্ৰ’ত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত আজি ইয়াৰ অন্তিম প্ৰস্তুতি সম্পৰ্কত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অভ্যৰ্থনা সমিতিয়ে আয়োজন কৰে সংবাদমেলৰ।

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰী,বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক সহেন্দ্ৰ নাথ ব্ৰহ্ম, সুৰ্জিলা ৱাৰী,কাৰ্যকৰী সভাপতি নগৰমল স্বৰ্গীয়াৰী, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু কামৰূপ জিলা বডো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়োৰ উপস্থিতিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা সংবাদমেলখন বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নীল কান্ত গয়াৰীয়ে সম্বোধন কৰি অধিৱেশনৰ যাৱতীয় দিশৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

উল্লেখ্য, বকো অঞ্চলৰ সকলো শ্ৰেণীৰ লোকৰ সৰ্বতোপ্ৰকাৰৰ উত্তোৰণত নতুন দিগন্তৰ সৃষ্টি, ইয়াৰ সমন্বয়-সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰি তোলাৰ লক্ষৰে আয়োজন কৰা বড়ো সাহিত্য সভাৰ এই অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কত সংবাদমেলযোগে সদৰি কৰা অনুসৰি অধিৱেশনৰ প্ৰথম দিনা পুৱা ৭ বজাত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্ধোধন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়োই ৷

ইয়াৰ পিচতে বিভিন্ন উপ সমিতি আৰু বড়ো সাহিত্য সভাৰ অস্থায়ী কাৰ্যালয়,মূল প্ৰৱেশ দ্বাৰ,অতিথিশালা, স্বেচ্ছাসেৱক শিৱিৰ, মূল তোৰণ, মূল মঞ্চ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা, ভোজনালয়,প্ৰতিনিধি শিৱিৰ, প্ৰতিনিধি গৃহ,স্বাস্থ্য শিৱিৰ আদিৰ দ্বাৰ মুকলি কৰাৰ লগতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন, বহুভাষিক কবি সন্মিলন আৰু বড়ো সাহিত্য সভাৰ প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে ৷

সংবাদমেলত সদৰি কৰা অনুসৰি অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ৮ বজাত বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদলৈ পুষ্পাঞ্জলী অৰ্পন, স্মৃতিগ্ৰন্থ ‘ব্ৰখ’জীংথি’ ও অন্যন্য গ্ৰন্থ উন্মোচনী,সম্বৰ্ধনা আৰু বঁটা বিতৰণ,ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, আলোচনা চক্ৰ, কবি সন্মিলন আদিৰ লগতে নিশা দ্বিতীয় প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

ইফালে, অধিৱেশনৰ অন্তিম দিনা পুৱা ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ পিচতে দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব অধিৱেশনৰ মূল আকৰ্ষণ মুকলি সভা ৷ উল্লেখ্য,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই উদ্ধোধন কৰিব লগীয়া মুকলি সভাখনত সাহিত্য একাডেমীৰ উপ সভাপতি প্ৰফেছৰ কুমুদ শৰ্মাই মুখ্য অতিথি হিচাবে লগতে বিশিষ্ঠ অতিথি হিচাবে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাকে ধৰি অসম চৰকাৰৰ কেবাগৰাকী মন্ত্ৰী বিধায়ক আৰু বিটিআৰৰ লগতে বড়ো- কছাৰী কল্যাণ ও ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ উপৰি বিভিন্ন জাতি- জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সংবাদমেলত জানিবলৈ দিয়ে ৷

সংবাদমেলখনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক সহেন্দ্ৰ নাথ ব্ৰহ্ম, সুৰ্জিলা ৱাৰী, অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰী, কাৰ্যকৰী সভাপতি নগৰমল স্বৰ্গীয়াৰী, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়ো প্ৰমূখ্যে কেবাগৰাকী নেতৃত্বই অংশ লয় ৷

Exit mobile version