In Pakistan One Dozen Eggs Cost Rs 400 Hundred: পাকিস্তানত এক ডজন কণীৰ মূল্য ৪০০ টকা !

পিঁয়াজ বিক্রী হৈছে ২৫০ টকাত

pak

In Pakistan One Dozen Eggs Cost Rs 400 Hundred:

পাকিস্তানত নিত্য প্রয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক ত্রাহি মধুসুদন সোঁৱৰাইছে।

দেশখনৰ লাহোৰত এক ডজন কণীৰ মূল্য ৪০০ টকালৈ বৃদ্ধি পালে। লাহোৰত সম্প্রতি প্রতি কিলো পিঁয়াজ বিক্রী হৈছে ২৩০ৰ পবা ২৫০ টকাত।

অৱশ্যে চৰকাৰে পিঁয়াজৰ মূল্য কিলোত ১৭৫ টকা নির্ধাৰণ কৰি দিছে। যোৱা দেওবাৰৰ পৰা বাণিজ্যিক চহৰ লাহোৰৰ বজাৰত খাদ্য দ্রব্যৰ সর্বাধিক মূল্যবৃদ্ধি হৈছিল।

সম্প্রতি লাহোৰৰ বজাৰত প্ৰতি কিলো মুর্গীৰ মাংস ৬১৫টকাত বিক্রী হৈছে। এনে প্ৰেক্ষাপটত এই অৱস্থা বাহাল থাকিলে পাকিস্তানৰ শাসক গোষ্ঠীৰ বিৰুদ্ধে যিকোনো সময়তে জনতাৰ ক্ষোভৰ বহি:প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version