Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্ববিখ্যাত স্বর্ণ বজাৰ ডেৰাক সংযোগ কৰি ডুবাইত সোণৰ পথ নিৰ্মাণ

    ৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

    জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত এক নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধীৰ প্ৰতিবাদ

    হৰমুজ প্ৰণালীত তেলবাহী টেংকাৰত পুনৰ বোমা বিস্ফোৰণ

    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma:বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ দেশ বিভাজন আছিল এক অমানৱীয় ইতিহাস : মুখ্যমন্ত্রী

publisher by publisher
August 14, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ দেশ বিভাজন আছিল এক অমানৱীয় ইতিহাস : মুখ্যমন্ত্রী
7
SHARES
67
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

Cm Himanta Viswa Sarma:

১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰত-পাকিস্তান বিভাজনৰ ফলত দুর্বিষহ হিংসাৰ বলি হোৱা প্ৰতিগৰাকী ভাৰতীয়ক সুঁৱৰি অহিংসা আৰু সম্প্ৰীতিৰে সমন্বয়ৰ ভাৰত গঢ়া সংকল্পৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত মাছখোৱা আই টি এ প্রেক্ষাগৃহত আয়োজন কৰা বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।

ADVERTISEMENT

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে অন্ধকাৰ দিন। ১৯৪৭ চনত ১৪ আগষ্টত বৃটিছে ভাৰতক বিভাজিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিভাজনে বহু ভাৰতীয় পৰিয়াললৈ দূর্যোগ নমাই অনাৰ লগতে জীৱন আৰু সম্পদ হেৰুৱাই অবর্ণনীয় দুখৰ সম্মুখীন হ’বলগীয়া হৈছিল।

তেওঁ লগতে কয় যে ২০২১ চনৰ ১৪ আগষ্টত প্ৰধানমন্ত্রী মোদীয়ে প্রতিবছৰে ১৪ আগষ্ট ৰ দিনটো বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। এই বিভাজনৰ সময়ত যি সকল ভাৰতীয় নাগৰিকে অশেষ নির্যাতন তথা মৃত্যুক সাবটি ল’বলগীয়া হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰাই এই দিৱসৰ তাৎপর্য।

বিভাজনৰ এই বেদনা কেতিয়াও পাহৰি যাব পৰা বিষয় নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভাজনৰ ফলত সৃষ্টি হোৱা ঘৃণা আৰু হিংসাৰ ফলত বহু ভগ্নী আৰু ভাতৃয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই দিবস পালনে সামাজিক বিভাজনৰ ভয়াৱহতা সম্পর্কে সোঁৱৰাই দিয়াৰ লগতে ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিয়ে বুলিও তেওঁ কয় ।

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা দেশে বহু আকাংক্ষিত স্বাধীনতা লাভ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দৰাচলতে এই স্বাধীনতা আছিল খণ্ডিত স্বাধীনতা। যোৱা এহাজাৰ বছৰৰ ভাৰতীয় সকলৰ উত্থান পতনৰ ইতিহাসত দেশৰ বিভাজন নিশ্চিত ভাৱে গুৰুত্বপূৰ্ণ আৰু কৰুণ ঘটনা বুলি তেওঁ কয় । বিগত আঠশ বছৰৰ ভাৰতৰ বিভিন্ন অঞ্চল প্রথমে মুছলমানসকলে আৰু পিছত বৃটিছসকলে পৰাধীন কৰিছিল বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে দ্বাদশ শতিকাত মহম্মদ ঘোৰীৰ আক্ৰমণ আৰু উত্তৰ ভাৰতত ঘোৰীৰ ৰাজনৈতিক প্রতিপত্তি প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতত মুছলমানৰ শাসন আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ডাচ বংশ, খিলিজী বংশ, টোগলক বংশ, চৈয়দ বংশৰ চুলতানসকলে ষষ্ঠদশ শতিকালৈ দিল্লীৰ চুলতান হিচাপে ভাৰতত ইছলামিক শাসন বৰ্তাই ৰাখে। ষষ্ঠদশ শতিকাত বাবৰে দিল্লীত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অষ্টাদশ শতিকাত বৃটিছসকলৰ আগমনলৈ মূলত উত্তৰ ভাৰতত মোগলসকলে শাসন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী দুশ বছৰ আছিল বৃটিছ সাম্ৰাজ্যৰ ইতিহাস। দ্বাদশ শতিকাৰ পৰা কুৰি শতিকালৈ প্ৰায় আঠশ বছৰ কাল ভাৰতবৰ্ষ পদানত আছিল।

এই পৰাধীনতা ভাৰতীয়সকলে কেতিয়াও মৌলিক সত্য বুলি মানি লোৱা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় । আগ্রাসী সকলক উচ্ছেদ কৰি দেশৰ বিভিন্ন অঞ্চলক উদ্ধাৰ কৰা প্ৰক্ৰিয়াটোত যতি পৰিব দিয়া নাছিল বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে এই আঠশ বছৰত বিভিন্ন অঞ্চল ভাৰতীয়সকলে স্বাধীন কৰিছিল অথবা মোগল আৰু বৃটিছৰ বিৰুদ্ধে প্ৰতিৰোধৰ সংগ্রাম অক্ষুণ্ণ ৰাখিছিল।

মুখ্যমন্ত্রীয়ে লগতে কয় যে কোনো সময়তে ভাৰতীয়সকলে পৰাধীনতাক মানি লোৱা নাছিল। আঠশ বছৰীয়া পৰাধীনতাৰ সময়ছোৱাত বহু বীৰপুৰুষ আৰু নাৰীৰ জন্ম হৈছিল, বহু সাম্ৰাজ্যৰ অভ্যুত্থান হৈছিল আৰু বৃটিছৰ বিৰুদ্ধে নিৰস্তৰ সংগ্ৰাম চলাই আছিল বুলি কয়।

মুখ্যমন্ত্রীয়ে কয় যে যিসকলে কংগ্ৰেছৰ নেতৃত্বত আছিল তেওঁলোকে বিশ্বাস কৰিছিল যে বিভাজনৰ কোনো বিকল্প নাই। দেশত অমানবীয় বক্তপাত সুচনা, মুছলিমলীগৰ কাৰ্যকলাপৰ বাবে অবিভাজিত ভাৰতৰ কল্পনা অবাস্তৱ হৈ পৰিছিল। আন বহুতে সেই বিভাজন ৰোধ কৰিব পৰা গ’লহেতেন বুলিও মন্তব্য কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্রীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীৰ অবিহনে ভাৰতৰ স্বাধীনতা সম্ভৱ নহ’লহেঁতেন। গান্ধীজীয়ে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি, বিশ্বত অহিংসাৰ বাণী প্ৰচাৰ কৰি গৈছিল। সেই কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাহিৰে ভিতৰে প্ৰকাশ কৰি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

প্রধানমন্ত্রীয়ে গান্ধীক এগৰাকী অবিসম্বাদী নেতা হিচাপে অভিহিত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছতাৰ পৰা সনাতনৰ সুপৰম্পৰা লৈ গান্ধীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজ দিছিল । মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল। স্বাধীনতাৰ বাবে কংগ্ৰেছ গঠিত হৈছিল আৰু স্বাধীনতাৰ পিছত কংগ্ৰেছ থাকিব নালাগে বুলি গান্ধীয়ে পোষকতা কৰিছিল। গান্ধীৰ বাহিৰে নেতৃত্ব দিব পৰা কোনো ব্যক্তি নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ ইতিহাসত মহামানৱ মহাত্মা গান্ধী সদায়ে এক প্রাতঃস্মৰণীয় ব্যক্তি হৈ ৰ’ব বুলি তেওঁ কয়।

গড়ছে মহাত্মা গান্ধীক হত্যা কৰাটো ক্ষমা কৰিব নোৱাৰা দোষ বুলি প্ৰধানমন্ত্রীয়ে কোবাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে ই এক অক্ষমণীয় অপৰাধ আৰু ইয়াক কেতিয়াও পাহৰি যোৱা উচিত নহয়। মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে দেখুৱাই যোৱা বাটেৰে অমৃত কালৰ বিশ্ব বিজয়ী ভাৰত নিৰ্মাণ কৰিব লাগিব ।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত বিভাজনৰ ঘটনা আৰম্ভ হৈছিল দ্বিতীয় মহাযুদ্ধৰ সময়ত। ১৯৩৯ ৰ পৰা ১৯৪৫ চনলৈ চলা দ্বিতীয় মহাযুদ্ধৰ সময়ত ভাৰতৰ অর্থনৈতিক ক্ষেত্ৰখনত কুপ্ৰভাৱ পৰা দেখা গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ছোৱাতে স্বাধীনতাৰ দাবী শক্তিশালী হৈ উঠিছিল। ১৯৪০ চনত লাহোৰত জিন্নাৰ নেতৃত্বত মুছলিমলীগে মুছলমানৰ বাবে স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠনৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই লাহে লাহে আগুৱাই গৈ পৃথক ৰাষ্ট্ৰ গঠিত হয়। ১৯৪২ চনত ক্ৰিপচ মিছনৰ আগমন এক উল্লেখযোগ্য ঘটনা আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ক্রিপচে ভাৰতক সীমিত স্বাধীনতা দিয়াৰ পোষকতা কৰে।

সেই প্ৰস্তাৱ ভাৰতীয়সকলে নাকচ কৰে আৰু ইয়াৰ ফলত ভাৰত ত্যাগ আন্দোলনৰ সুচনা হয়। ১৯৪৫ চনৰ যুদ্ধ সমাপ্তিৰ পিছত দেশৰ অৰ্থনীতি অধিক অবনতি হয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ আন্দোলনে দেশৰ শাসন ব্যৱস্থাক একপ্ৰকাৰ দুৰ্বল কৰি তোলে।

নেভিৰ আন্দোলন, সামৰিক বাহিনীৰ ওপৰত বিশ্বাস হ্রাসে বৃটিছক এই কথা ভাৱিবলৈ বাধ্য কৰে যে ভাৰতক স্বাধীনতা দিয়াৰ বাহিৰে বিকল্প কোনো পথ নাই। ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত বৃটিছ প্রধানমন্ত্রীয়ে সংসদত ঘোষণা কৰে যে খণ্ডিত হওঁক অথবা পূৰ্ণ ৰাষ্ট্ৰৰে হওঁক ভাৰতক ১৯৪৮ চনৰ জুন মাহৰ ভিতৰত স্বাধীনতা প্ৰদান কৰা হ’ব। সেই দিন ধৰি বংগ, বিহাৰ, পাঞ্জাৱ আদিত তীব্র অশান্তি, সাম্প্ৰদায়িক সংঘৰ্ষ হ’বলৈ আৰম্ভ কৰে। বেংগলত যি বিভীষিকাৰ সৃষ্টি হৈছিল,

সেই বিভীষিকাৰ প্রাবল্য ইমানেই বেছি আছিল য়ে সি একপ্ৰকাৰ তেজৰ সাগৰৰ সৃষ্টি কৰিছিল। বিভাজনৰ বিভীষিকাৰ ফলত বহু লোক দেশান্তৰিত হ’বলগীয়া হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ছোৱা এক অমানৱীয় ইতিহাস আছিল। ভাষণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ বিভাজনৰ ফলত হোৱা নেতিবাচক দিশসমূহো আলোকপাত কৰে।  মুখ্যমন্ত্রীয়ে কয় যে বিভাজন কোনো হিন্দু, শিখ মানুহে বিচৰা নাছিল। শিখ আৰু হিন্দুৱে একত্ৰিত হৈ থাকিব বিচাৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বিভাজন জিন্না, চাদুল্লা, ভাচানীৰ দৰে নেতা সকলে বিচাৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে বিভীষিকা, সন্ত্রাসবাদ পাকিস্তানৰ পৰিচয় হৈ পৰিছে। তেওঁ লগতে কয় যে এই দিৱস পালনৰ জৰিয়তে বিভাজনৰ বিভীষিকা কথাবোৰ যাতে স্মৰণ কৰিব পৰা যায়।

সেই ধৰণৰ অমানৱীয় কার্য যাতে ভাৰতত কেতিয়াও হ’ব নোৱাৰে, এই ভাৰতবৰ্ষ যাতে পুনৰ খণ্ডিত হ’ব নোৱাৰে, দেশখনত যাতে সদায়ে শাস্তি, অহিংসা বিৰাজ কৰি থাকে আৰু বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায় সেই লক্ষ্যৰে এই দিৱস উদ্‌যাপন কৰা হৈছে।

আজিৰ এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ উপ-সভাপতিক্রমে জয়ন্ত কুমাৰ দাস, বিজুলী কলিতা মেধি, বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন দাস, শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্র অধিকাৰী প্ৰমুখ্যে দলীয় কার্যকতাসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam BJPGuwahatiHERRORS of PartitionMemorial dayVisits Cm Himanta Viswa Sarma
publisher

publisher

Related Posts

মানুহৰ কাম কৰিব ৰবটে : ৬০ হেজাৰ কৰ্মচাৰীক চাটাইৰ যোজা মাইক্ৰ’ছফটৰ
International

October 31, 2026
বিশ্ববিখ্যাত স্বর্ণ বজাৰ ডেৰাক সংযোগ কৰি ডুবাইত সোণৰ পথ নিৰ্মাণ
International

বিশ্ববিখ্যাত স্বর্ণ বজাৰ ডেৰাক সংযোগ কৰি ডুবাইত সোণৰ পথ নিৰ্মাণ

October 31, 2026
৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Assam

৩০ অক্টোবৰৰ দিনাও গণেশগুৰিত প্রশাসনে অনুষ্ঠিত নকৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

October 31, 2026
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত এক নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধীৰ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত এক নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধীৰ প্ৰতিবাদ

October 31, 2026
হৰমুজ প্ৰণালীত তেলবাহী টেংকাৰত পুনৰ বোমা বিস্ফোৰণ
International

হৰমুজ প্ৰণালীত তেলবাহী টেংকাৰত পুনৰ বোমা বিস্ফোৰণ

October 31, 2026
Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
Assam

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

October 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d