New Zealand’s Female MP Stole Expensive Clothes From a Shop:মহিলা সাংসদে দোকানৰ পৰা দামী পোছাক কৰিলে চুৰি !

new zeland 1

New Zealand’s Female MP Stole Expensive Clothes From a Shop:

নিউজিলেণ্ডৰ এগৰাকী মহিলা সাংসদে সম্প্রতি সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। এইগৰাকী মহিলা সাংসদে সংসদত গান গোৱা বা ভাষণ দিয়া বাবে নহয়, চুৰিৰ অভিযোগতহে চর্চিত হৈছে।

শুনাত অবিশ্বাস্য যেন লাগিলেও নিউজিলেণ্ডৰ এই মহিলা সাংসদব বিৰুদ্ধে দোকানৰ পৰা দামী পোছাক চুৰি কৰাৰ অভিযোগ উত্থাপিত’ হৈছে।

এই অভিযোগৰ পাছত সাংসদগৰাকীয়ে ইস্তফা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ সাংসদগৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ আৰু সেয়েহে তেওঁ ইস্তফা দিয়াৰ সিদ্ধান্ত ল’লে।

চুৰিৰ অভিযোগত ইস্তফা দিয়া এই মহিলা সাংসদৰ নাম গ’লৰিঞ্জ ঘৰমন। সাংসদ ঘৰমনৰ বিৰুদ্ধে উত্থাপিত পোছাক চুৰিৰ অভিযোগৰ তদন্ত অব্যাহত আছে।

ঘৰমন চেন্টাৰ-লেফট গ্রীণ পাৰ্টিৰ সদস্য। উল্লেখ্য যে ঘৰমন উক্ত দলৰ ন্যায়িক মুখপাত্রও। ঘৰমনৰ বিৰুদ্ধে এখন বুটিকৰ পৰা বিলাসী বস্ত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

সাংসদগৰাকীৰ বিৰুদ্ধে মুঠ তিনিটা অভিযোগ আছে আৰু এই তিনিটা অভিযোগ ২০২৩ত উত্থাপিত হৈছিল। অকলেণ্ডৰ এখন বিলাসী বুটিকত দুবাৰকৈ আৰু ৱেলিংটনত কাপোৰৰ এখন খুচুৰা বিপণীত এবাৰ চুৰি কৰাৰ’ অভিযোগ ঘৰমনৰ বিৰুদ্ধে।

অৱশ্যে সাংসদগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগে মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ পাবৰ বাবেহে ইস্তফাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে।

Exit mobile version