Aap Meeting In Guwahati:গুৱাহাটী লোকসভা সমষ্টিত আপৰ সাংগঠনিক তৎপৰতা

aap

Aap Meeting In Guwahati:

আম আদমি পার্টী, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত এই তৎপৰতা চূড়ান্ত পর্য্যায়ত আছে আৰু এই প্রক্রিয়াত অহা  দেওবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচন পৰিচালনা সমিতি খন গঠন কৰা হ’ব। এই উপলক্ষে চান্দমাৰিৰ শিক্ষক ভৱনত দিনৰ ১১ বজাৰ পৰা এখনি সাংগঠনিক সভা অনুষ্ঠিত হ’ব।

উক্ত সভাত লোকসভা সমষ্টিটোৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত প্রতিনিধিসকলে অংশ গ্রহণ কৰিব আপ, অসমৰ ৰাষ্ট্ৰীয় তত্বাবধায়ক ৰাজেশ শর্মাই এই সাংগঠনিক সভাক সম্বোধন কৰিব । ইতিমধ্যে সাংগঠনিক সভাখন সফল কৰাৰ বাবে ১১ জনীয়া আহ্বায়ক সমিতিৰ নেতৃত্বত দিনে নিশাই কাম চলি আছে আৰু সেইদিনা ১৫১ জনীয়া নিৰ্বাচন পৰিচালনা সমিতি গঠনেৰে তাক পূৰ্ণাংগ ৰূপ দিয়া হ’ব।

এই খিনিতে উল্লেখযোগ্য যে আম আদমি পার্টীয়ে ইণ্ডিয়া এলায়েন্সৰ লগতে ৰাজ্যৰ ১৫ দলীয় বিৰোধী ঐক্য মঞ্চৰ অবিচ্ছেদ্য অংশ আৰু ইয়াৰ আংশীদাৰ হিচাপে গুৱাহাটী লোকসভা নির্বাচনত প্রতিদ্বন্দিতা কৰিবলৈ মনস্থ কৰিছে। ইতিমধ্যে এই দিশত সকলো ফালৰ পৰাই ধনাত্মক সহাৰি লাভ কৰাত আপ, অসমৰ কর্মকর্তাসকল উৎসাহিত হৈ পৰিছে আৰু যিকোনো প্ৰকাৰে সমষ্টিটো দখল কৰিবলৈ সংকল্পবদ্ধ হৈছে।

ইয়াৰ লগে লগে মহানগৰীৰ লগতে সমষ্টিটোৰ অন্তৰ্গত দহোটা সমষ্টিতে আপৰ জনসমর্থন ক্রমাগতভাবে বৃদ্ধি পাইছে। প্রণিধানযোগ্য যে বিগত জিএমচি নির্বাচনতো আপে পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি চমকপ্রদ ফলাফল লাভ কৰিছিল |আজি এই প্রেছ বিবৃতিযোগে আপ, অসমে দেওবাৰে সভাৰ বাবে সংবাদ মাধ্যমৰ সক্রিয় সহায় সহযোগ কামনা কৰে।

Exit mobile version