APSC Scam:
কাৰাৰুদ্ধ হৈ অৱশেষত জামিন মঞ্জুৰ লাভ নিলম্বিত এপিএছ বিষয়া সুকন্যা দাসৰ। অসম লোকসেৱা আয়োগৰ ধন দি নিযুক্তি কেলেংকাৰীৰ গ্ৰেপ্তাৰ হৈছিল সুকন্যা দাস।
ADVERTISEMENT
বক্ৰপথেৰে চাকৰি কৰাৰ অভিযোগত সুকন্যা দাসক চি আই ডিৰ বিশেষ আৰক্ষী গোটে গ্ৰেপ্তাৰ কৰিছিল সুকন্যা দাসক। বিগত এমাহদিন ধৰি ৰঙাঘৰৰ আলহী হৈ থকাৰ পাছত মুকলি আকাশৰ তললৈ সুকন্যা দাস ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিপূৰ্বে সুকন্যা দাসক নিলম্বন কৰিছিল । তাৰ পৰৱৰ্তী সময়ত চাৰি ডিচেম্বৰত অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী মহানগৰ আৰক্ষীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী উপায়ুক্ত সুকন্যা দাসক ।
মনকৰিবলগীয়া যে, ৰাকেশ পালৰ আশীৰ্বাদত বক্ৰপথেৰে এপিএছচিত চাকৰি লাভ কৰিছিল সুকন্যা দাসে।