Rahul Gandhi’s Response to the Government’s Temptation:Congress:চৰকাৰী প্রলোভন ওফৰাই ৰাহুললৈ সঁহাৰি অসমৰ মহিলাৰ: কংগ্ৰেছ

পুঠিনদীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতা বৰ্ণনাৰে কংগ্ৰেছ নেতা জয়ৰামৰ দাবী, এই যাত্রা হৈ অন্যায়ৰ বিৰুদ্ধে হোৱা যাত্রা

jaoram ramesh

Rahul Gandhi’s Response to the Government’s Temptation:Congress:

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা বিফল কৰিবলৈ অসম চৰকাৰে নানা প্ৰকাৰে চেষ্টা চলাইছে; কিন্তু ইয়াৰ বিপৰীতে অসমৰ ৰাইজে দিয়া সঁহাৰিয়ে বিজেপি চৰকাৰখনক উপযুক্ত প্রত্যুত্তৰ দিলে। ন্যায় যাত্রা বিফল কৰিবলৈ অসম চৰকাৰে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰ-পত্ৰ বিতৰণ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যস্ত কৰি ৰাখিব বিচাৰিছিল যদিও মূৰকত মহিলাসকলক ধৰি ৰখাত চৰকাৰ ব্যৰ্থ হ’ল।’

যোৱাকালি মৰিয়নিৰ পুঠিনদীত এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত অংশ লোৱা প্রাক্তন কেন্দ্রীয় মন্ত্রীজনে পুঠিনদীত অনুষ্ঠিত এক সংবাদমেলত ৰাহুল গান্ধীৰ যাত্ৰাৰ প্ৰতি অসমৰ মহিলাসকলে ব্যাপক সঁহাৰি লৈ আগবঢ়োৱা বুলি মন্তব্য কৰি পুনৰ কয়, ‘ৰাহুল গান্ধী অহা বিশেষ বাছৰ আগলৈ আহি মহিলাসকলে তেওঁক আদৰণি জনাইছে আৰু তেৱোঁ বাছৰ পৰা নামি গৈ মহিলাসকলৰ স’তে মত-বিনিময় কৰে। ৰাহুল গান্ধীলৈ এই সঁহাৰিয়ে প্ৰমাণ কৰে যে বাইজৰ মাজলৈ কঢ়িয়াই অনা ন্যায়ৰ বাৰ্তাই ইতিমধ্যে তেওঁলোকক স্পর্শ কৰিছে।’

উল্লেখ্য যে,বৃহস্পতিবাৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ই দুপৰীয়া নগালেণ্ডৰ পৰা মৰিয়নিৰ পুঠিনদীত উপস্থিত হয়। এই ন্যায় যাত্রাত অংশগ্রহণ কৰা কংগ্ৰেছৰ মণি জ্যেষ্ঠ নেতাসকলে পুঠিনদীত অনুষ্ঠিত সংবাদমেলত অংশ লৈ যাত্রা যাত্ৰা বিফল কৰিবলৈ অসম চৰকাৰে চলোৱা অভিসন্ধিক তীব্র সমালোচনা কৰে।

সংবাদমেলত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা জয়ৰাম ৰমেশে কয়, ‘এই দীৰ্ঘ যাত্রা কোনো নির্বাচনমুখী যাত্রা নহয়। ভোটৰ বাবে এই যাত্ৰা কৰা হোৱা নাই। এই যাত্রা হৈছে অন্যায়ৰ বিৰুদ্ধে হোৱা যাত্রা। প্রধানমন্ত্রীয়ে বাৰে বাৰে অমৃতকালৰ নি কথা কয় যদিও বিগত ১০ বছৰে দেশৰ দুখীয়া দৰিদ্ৰ লোকৰ ওপৰত বহু অন্যায় হৈছে।

সেই অন্যায়ৰ কথা তেওঁলোকে কোনোদিনেই উল্লেখ নকৰে। এই যাত্রা সেই অন্যায় কালৰ বিৰুদ্ধে কৰা ন্যায় যাত্রাহে।’ জ্যেষ্ঠ কংগ্রেছ নেতাজনে পুনৰ কয় যে অসমত প্রৱেশ কৰিয়েই এই যাত্রাই অসমৰ জনসাধাৰণৰ পৰা বিপুল ভবে সঁহাৰি লাভ কৰিছে।

সংবাদমেলত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক তীব্র সমালোচনা কৰি কয়, ‘অসমৰ মুখ্যমন্ত্রী পিছ দুৱাৰেদি হোৱা ভুল মুখ্যমন্ত্রীহে। ২০২১ৰ নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিচাপে প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰহে নাম ‘চর্চালৈ আহিছিল; কিন্তু এইজন মুখ্যমন্ত্রীয়ে পিছ দুৱাৰেদি গৈ দলৰ নেতৃত্বৰ সন্মুখতে সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰীৰ গাদীত গ বহিলে।’

অসমৰ অতিথি পৰায়ণতাক নস্যাৎ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে চেষ্টা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ক চৰকাৰী বাহিনীয়ে বাধা প্রদান কৰাটোৱেই হৈছে অসমৰ অতিথি পৰায়ণতাৰ বিৰুদ্ধে যোৱা। ইফালে, বদৰুদ্দিন আজমলৰ প্ৰসংগ উত্থাপন কৰি সভাপতিজনে কয় যে আমি বিজেপি আৰু আৰএছএছৰ দৰে সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিছো।

বদৰুদ্দিন আজমলৰ এআইইউডিএফ সাম্প্রদায়িক দল। এই দল বৰ্তমানৰ মুখ্যমন্ত্রীৰ ৰিম’ট কন্ট্র’লত চলি থকা এটা দল। ৰাজনীতিৰ নামত আজমলে নিজৰ ব্যৱসায় চলাই থকা বুলি উল্লেখ কৰি বৰাই কয়, ‘এনে শক্তিৰ স’তে কংগ্রেছে কেতিয়াও মিত্রতা নকৰে।’

মিত্ৰতা বা বুজা-পৰা নকৰাৰ বাবেই বিজেপিৰ হাতত কংগ্ৰেছ হাৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়া এক ভুল সিদ্ধান্ত আছিল। এইবাৰ প্ৰায় ১৫ এটা তেনে দলৰ স’তে মিত্রতা কৰা হৈছে আৰু ২১ জানুৱাৰীত এই দলৰ নেতৃত্বৰ স’তে ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব বুলিও কয়।

ইফালে, অসমত ড° শৰ্মাৰ নির্দেশ মতেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়া হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্রেছ নেতাজনে। এয়া ৰাজনৈতিক সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াহে। ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে উচ্চতম ন্যায়ালয়, নির্বাচন আয়ুক্ত আদিৰ কাষ চাপে যদিও বিশেষ সঁহাৰি পোৱা নগ’ল।

তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে বিচৰামতেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়া সম্পন্ন কৰা হয় বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে। ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে সদায় মাত মাতি যাব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছ শাসনলৈ আহিলে এই বিষয়টো পুনৰ বিবেচনা কৰা হ’ব বুলিও মন্তব্য কৰে।

সংবাদমেলত জ্যেষ্ঠ কংগ্রেছ নেতা, অসম প্রদেশ কংগ্রেছৰ দায়িত্ববাহী জীতেন্দ্র সিং, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও অংশ লয় ৷

Exit mobile version