Bollywood Celebrities in Ayodhya: মহাতাৰকাৰ মিলনথলীলৈ পৰিৱৰ্তিত অযোধ্যা হৈ একেখন ছেলফিতে বন্দী বলীউদৰ একাধিক মহাতাৰকা

actor 2

Bollywood Celebrities in Ayodhya:

সোমবাৰৰ দিনটো ক্ষুদ্ৰ বলীউদলৈ পৰিৱৰ্তিত হ’ল ৰাম জন্মভূমি। বিগ বি,অনুপ খেৰ,জেকী শ্বফৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিণা কাইফ, বলীউদ মাধুৰী দিক্ষীত, জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক ৰোহিত ছেট্টী, ৰাজকুমাৰ হিড়ানী আৰু বলীউদৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মাম খুড়ানাৰ পৰা ৰনবীৰ কাপুৰলৈ,দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্ত সহ নামী-দামী তাৰকাৰ সমাহাৰ ঘটিল সৰযূ নদীৰ পাৰ।

বলীউদৰ প্ৰবীন অভিনেত্ৰী হেমা মালিনী, জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণায়ত,কন্ঠ শিল্পী শংকৰ মহাদেৱন ,চনু নিগম,কৈলাশ খেৰ সহ বহু কেইগৰাকী জনপ্ৰিয় সংগীত শিল্পী উপস্থিত হৈছিল অযোধ্যাত। এই সকলো তাৰকা এখন একেখন ছেলফিতে বন্দী হৈছিল ৷

ইতিমধ্যে এই ছেল্ফী সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷ একেদৰে লাভ কৰিছে ব্যাপক চৰ্চা ৷

Exit mobile version