150 Indians in Bangladesh Prisons:শাস্তিৰ ম্যাদ উকলাৰ পাছতো ১৫০ ভাৰতীয় বাংলাদেশৰ কাৰাগাৰত

bangladesh

150 Indians in Bangladesh Prisons:

শাস্তিৰ ম্যাদ সমাপ্ত হোৱাৰ পাছতো বাংলাদেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে কমেও ১৫০ জন ভাৰতীয় নাগৰিক। এইসকল বন্দীৰ মাজত আছে ১৯ গৰাকী মহিলা। বিভিন্ন অপৰাধৰ কাৰণত এইসকল ভাৰতীয় নাগৰিকে ইতিমধ্যে বাংলাদেশত শাস্তিৰ ম্যাদ সমাপ্ত কৰিলে।

১৫০ ভাৰতীয় নাগৰিকৰ লগতে বাংলাদেশৰ কাৰাগাৰত শাস্তি সমাপ্ত কৰা ম্যানমাৰৰ পাঁচজন, পাকিস্তানৰ এজন আৰু নেপালৰ এজন নাগৰিক বন্দী হৈ আছে।

বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি, শাস্তিৰ ম্যাদ সমাপ্ত হ’লেও অন্য দেশৰ কাৰাবন্দীৰ ক্ষেত্ৰত সংশ্লিষ্ট দেশৰ স’তে যোগাযোগ কৰি এক প্ৰক্ৰিয়াৰ মাধ্যমৰে এইসকল ব্যক্তিক স্বদেশলৈ প্রত্যর্পণ কৰা হয়।

Exit mobile version